✍ মৃদুলা দেৱী, মাজুলী
ইয়াত এখন নদী আছিল
এদিন নদীখনে সুঁতিতো সলালে
তাত থকা মাছবোৰে ক'লে ব'লা
আমি সৌ দূৰৈৰ বিলখনলৈকে যাওঁ
তাতে এজোপা বহু পুৰণি গছ আছিল
পিছে চৰকাৰী পৃষ্ঠপোষকতাত পথ
নিৰ্মাণৰ হেতু গছজোপা কাটি পেলোৱাত
তাত থকা চৰাইবোৰে ক'লে ব'লা আমি
ইয়াৰ পৰা আতৰি যাওঁ
সৌ তাতে এখন গাওঁ আছিল নদীৰ
গৰাখহনীয়াত গাঁওখন জাহ যোৱাত
মানুহ বোৰে ক'লে ব'লা আমি সিপাৰৰ
বালিচৰলৈকে যাওঁগৈ তাতে নতুনকৈ
জীৱনটো আৰম্ভ কৰিমগৈ।
আৰু চহৰখনৰ সিটো পাৰে আছিল
তেওঁলোকৰ ঘৰ অতি মৰমৰ বুকুৰ
এফালে যেন কণমানি জনীৰ যেতিয়া
ধৰ্ষনকাৰীৰ হাতত মৃত্যু হ'ল
দেউতাকে মাকক ক'লে ব'লা
আমি এই জন অৰন্য এৰি সৌ
পাহাৰটোৰ গাতে লাগি থকা
অৰণ্যখনলৈকে যাওঁগৈ
বন্যজীৱই কাৰো অপকাৰ নকৰে।
দিন যায় ৰাতি আহে বছৰে বাগৰ সলায়
এই জীৱন নামৰ মহাসাগৰখনে
কতজনক উটুৱাই নি কোনোবা
বালিৰ বলুকাত পেলাই থৈ গ'ল
এতিয়া কাষত যে আপোন আপোন
লগা কোনোৱে নাই
মহা জীৱনৰ পম খেদি সকলো
আঁতৰি গ'ল
জীৱন ঘৰীৰ প্রতিতো পল মাত্র
গলি গলি শূন্য হৈ ৰ'ল।
*****
(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008
No comments:
Post a Comment