ৰাষ্ট্ৰবাদী যুৱ কৃষক সংগঠনৰ উদ্যোগত ‘অন্নপূৰ্ণা জনতা সেৱা অভিযান’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 2, 2021

ৰাষ্ট্ৰবাদী যুৱ কৃষক সংগঠনৰ উদ্যোগত ‘অন্নপূৰ্ণা জনতা সেৱা অভিযান’

শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ

গুৱাহাটী : বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ উপৰি শেহতীয়াকৈ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোণা মহামাৰীৰ সময়ছোৱাত সমগ্ৰ দেশতে দৰিদ্ৰ লোকসকলৰ মাজত ৰাষ্ট্ৰবাদী যুৱ কৃষক সংগঠনে সহায়ৰ হাত আগবঢ়াই আহিছে৷ ইয়াৰ বাবে সংগঠনটোৰ মুখ্য সংৰক্ষক বসুন্ধৰা ৰাজেৰ প্ৰেৰণা আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল দ্বিবেদীৰ নিৰ্দেশত ‘অন্নপূৰ্ণা জনতা সেৱা অভিযান’ শীৰ্ষক এক আঁচনি হাতত লৈছে৷ 


এই আঁচনিৰ অংশস্বৰূপে আজি গুৱাহাটী মহানগৰীৰ খাৰগুলী অঞ্চলৰ লুইতপাৰ, অমিঅ’ নগৰ আদি ঠাইৰ শতাধিক দৰিদ্ৰ লোকৰ মাজত খাদ্য আৰু অত্যাৱশ্যকীয় কিছু সা-সামগ্ৰী বিতৰণ কৰা হয়৷ সংগঠনটোৰ হৈ ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক দেৱব্ৰত চৌধুৰী, উত্তৰ পূৰ্বাঞ্চলৰ সম্পাদক নাথুনি দাস, অসম প্ৰদেশ যুৱ মৰ্চাৰ সভাপতি মনোজ কুমাৰ শৰ্মাই সম্পূৰ্ণ ক’ভিড বিধি মানি চলি তথা সামাজিক দূৰত্ব বৰ্তাই ৰাখি সামগ্ৰীসমূহ বিতৰণ কৰে৷ ৰাষ্ট্ৰবাদী যুৱ কৃষক সংগঠনৰ এনে কাৰ্যক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে৷



No comments:

Post a Comment

SPONSORED