হাতীগাঁও শাখা লেখিকা সংস্থাৰ অনলাইন কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 16, 2021

হাতীগাঁও শাখা লেখিকা সংস্থাৰ অনলাইন কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰন

গুৱাহাটী : অসম লেখিকা সংস্থাৰ অন্তৰ্গত বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থাই ১৫ জুলাই তাৰিখে ৫ জুন বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা অনলাইন কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰন অনুষ্ঠানটো হাতীগাঁৱৰ সিজুবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়।


অনুষ্ঠানটোত বিশিষ্ট অতিথিৰ আসন শুবনি কৰে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী তথা আদৰ্শ মাতৃ মৃনালিনী দেবীয়ে। সভাত সভানেত্ৰীৰ আসন শুবনি কৰে হাতীগাঁও শাখাৰ সভানেত্ৰী কস্তৰী নিভা গগৈয়ে। সভাৰ আঁত ধৰে সম্পাদিকা দীপা বৰা দত্তই। সম্পূৰ্ণ কভিড প্ৰটকল মানি অনুষ্ঠিত কৰা সভাখনত পুৰস্কাৰসমূহ বিতৰন কৰে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃনালিনী দেবীয়ে আৰু সহযোগিতা আগবঢ়াই সভানেত্ৰী কস্তৰী নিভা গগৈয়ে।


অসমৰ বিভিন্ন প্ৰান্তৰ পুৰস্কাৰ বিজেতাসকলে নিজৰ মনৰ ভাব ব্যত্ত কৰে। অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃনালিনী দেবীৰ সাৰুৱা ভাষনে সভাখন সজীৱ কৰি তোলাৰ লগতে শাখাৰ সদস্যাসকলে বিভিন্ন গীত-মাত আদি পৰিবেশন কৰি সভাখন জীপাল কৰি তোলে।

No comments:

Post a Comment

SPONSORED