✍ ছুমন ৰহমান
কাহিলি পুৱাতে
নাহিলিনো কিয়
আহিলিযে দুপৰত ?
শেষ হ'ল আশা
নিদিলিহি দেখা
পুৱতিৰ পোহৰত ।
পানী যুৱঁলিত গ'ল উৱলি
ধুৱঁলি আশাৰ ঢৌ
ভাগৰি পৰিল
মন মৌপিয়া
বিচাৰি ফুলৰ মৌ ।
চাতকী আহিল
চাতকৰ কাষে
উষাৰ ৰহণ লৈ
বৃথা অভিষাৰ
নিজম নিশাৰ
শুকাল তৃষাৰ নৈ ।
*****
(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008
No comments:
Post a Comment