ছাৰ্ভেৰ নামত অবৈধভাৱে ধন সংগ্ৰহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2021

ছাৰ্ভেৰ নামত অবৈধভাৱে ধন সংগ্ৰহ

- হেল্থ কাৰ্ডৰ নামত অবৈধভাৱে ধন সংগ্ৰহ
- ছাৰ্ভে কৰাৰ নামত একাংশই সংগ্ৰহ কৰিছে ধন
- সহযোগ কৰিছে সভাপতিসহ একাংশ পঞ্চায়ত প্ৰতিনিধি

মন কৰক এই কাৰ্ডখনলৈ৷ স্বচ্ছ ভাৰত তথা ভাৰত চৰকাৰৰ দোহাই দি একাংশ দুষ্ট চক্ৰই গাৱে গাৱে ছাৰ্ভে চলাইছে৷ ছাৰ্ভেৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা অবৈধভাৱে ৫০ টকাকৈ সংগ্ৰহ কৰি আছে৷ বিনিময়ত প্ৰদান কৰিছে স্বাক্ষৰবিহীন ৰচিদ আৰু এটি স্মাৰ্ট কাৰ্ড৷ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ ধুমাৰ পথাৰতো চলি আছে এনে ঘটনা৷ বিষয়টো সন্দেহজনক হোৱাত সংবাদ প্ৰহৰীৰ কাৰ্যালয়লৈ অৱগত কৰে স্থানীয় লোকে৷ তদন্ত সূত্ৰে স্মাৰ্ট কাৰ্ডত উল্লেখ থকা ৱেবছাইটৰ জৰিয়তে আমি লাভ কৰিলো যোগাযোগৰ নম্বৰ৷ ফোন কৰা হ’ল সেই নম্বৰত আৰু লগে লগে ওলাই পৰিল জোলোঙাৰ মেকুৰী৷ পিছে ফোনযোগে হোৱা বাৰ্তালাপত কি চিআই ইণ্ডিয়া কৰ্তৃপক্ষই৷


হয়, আপুনি ঠিকেই শুনিছে৷ চি আই ইণ্ডিয়াৰ নাম ব্যৱহাৰ কৰি অবৈধভৱে একাংশই সংগ্ৰহ কৰিছে ধন৷ অৰথাৎ চি আই ইণ্ডিয়া কোম্পানীৰ তৰফৰ পৰা কোনো ধৰণৰ ছাৰ্ভে কৰিবলৈ কাকো অনুমতি দিয়া নাই৷ উল্লেখযোগ্য যে অবৈধভাৱে ধন সংগ্ৰহ কৰা এই কাৰ্যত হাত উজান দিছে সভাপতি, ৱাৰ্ড সদস্যসহ একাংশ পঞ্চায়ত প্ৰতিনিধি৷ পঞ্চায়ত সভাপতিগৰাকীৰ পৰা বিষয়টো সন্দৰ্ভত জানিব বিচৰাত ৰাইজক ওলোটাই দাবী ধমকি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ এতিয়া প্ৰশ্ন হ’ল- কোনে আৰু কাৰ নেতৃত্বত চলি আছে এনে অবৈধ ৰমৰমীয়া কাৰ্য? জিলা প্ৰশাসন আৰু চৰকাৰে ইয়াৰ তদন্ত কৰিবনে?

No comments:

Post a Comment

SPONSORED