উদ্বেগজনকভাৱে নিউজিলেণ্ড আমেৰিকা–ৰাছিয়াত বৃদ্ধি ক’ভিডৰ সংক্রমণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 27, 2021

উদ্বেগজনকভাৱে নিউজিলেণ্ড আমেৰিকা–ৰাছিয়াত বৃদ্ধি ক’ভিডৰ সংক্রমণ

দুবছৰ সম্পূর্ণ হোৱাৰ সময়তে ঘাতক ক’ভিড–১৯ বিশ্বজুৰি পুনৰ অধিক ঘাতক হৈ উঠাৰ ইংগিত দিছে৷ ২০১৯ বর্ষৰ অক্টোবৰৰ প্রাৰম্ভতে চীনত ঘাতক ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ৰ প্রাদুর্ভাৱ ঘটি বিশ্ব স্তব্ধ কৰি তুলিছিল৷ এবছৰৰ মূৰকত ক্রমান্বয়ে বিশ্বৰ পৰিস্থিতি সামান্য সুস্থিৰতাৰ দিশে আগবাঢ়ি থকাৰ সময়তে পুনৰ ক’ভিড–১৯ অধিক ভয়াৱহ হৈ উঠাৰ ইংগিত দিছে চীনত৷


ইতিমধ্যে চীনত ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত ১২খন প্রদেশত লকডাউন ঘোষণা কৰিছে৷ এই ১২খন প্রদেশৰ পৰা অন্য প্রদেশলৈ আহ–যাহ নিষিদ্ধ কৰাৰ লগতে সংক্রমণ নোহোৱা অঞ্চললৈও জনতাৰ আহ–যাহ নিষিদ্ধ কৰা হৈছে৷ দেশখনৰ ৰাজধানী বেইজিঙত ক’ভিড–১৯ নির্দেশনা অধিক কঠোৰ কৰি তোলা হৈছে৷ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাতায়াত কৰা লোকৰ ক’ভিড–১৯ নিগেটিভ ফলাফলৰ প্রমাণ–পত্র বাধ্যতামূলক কৰা হৈছে৷ চীনৰ লগতে ৰাছিয়া, নিউজিলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপৰ কেইবাখনো দেশত বিগত কেইবাদিন ধৰি ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে৷
চীনে তৎকালীনভাৱে ১২খন প্রদেশত লকডাউন ঘোষণা কৰাৰ বিপৰীতে ৰাছিয়াই কর্মপ্রতিষ্ঠান এসপ্তাহ বন্ধৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ দেশখনৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে নৱেম্বৰৰ আৰম্ভণিৰে পৰা এসপ্তাহ কর্মপ্রতিষ্ঠান বন্ধত অনুমোদন জাইছে৷ দেশখনৰ কেইবাটাও অঞ্চলত মহামাৰী ক’ভিডৰ সংক্রমণ বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রপতিগৰাকীয়ে টেলিভিছনযোগে উক্ত অঞ্চলৰ মুৰব্বীসকলক অতিৰিক্তভাৱে ক’ভিড–১৯ প্রতিৰোধৰ বাবে ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷
পিনে, নিউজিলেণ্ডত কালিৰ দিনটোত স্থানীয়ভাৱে ১০৯জন লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ ইয়াৰে ভিতৰত দেশৰ বৃহত্তম চহৰ অকলেণ্ডত সর্বাধিক৷ ক’ৰোনা মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা অকলেণ্ডত এদিনত সর্বাধিক আক্রান্ত হোৱাক লৈ প্রশাসন উদ্বিগ্ন হৈছে৷
মন কৰিবলগীয়া যে ২০২০ চনত ক’ভিড মহামাৰীত বিশ্বৰ দেশসমূহ বিধ্বস্ত হোৱাৰ সময়ত নিউজিলেণ্ডে এই মহামাৰীৰ বিৰুদ্ধে প্রায় বিজয় সাব্যস্ত কৰিছিল৷ কিন্তু ক’ভিড–১৯ৰ ডেল্টা প্রকৰণৰ সংক্রমণ চলিত বর্ষত ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ দুমাহ ধৰি অকলেণ্ড কঠোৰ লকডাউনৰ মাজত আছে যদিও চহৰখনত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে৷ এনে কাৰণতেই নিউজিলেণ্ডে সমগ্র দেশখন লকডাউনৰ অধীনলৈ অনাৰ চিন্তা–চর্চা চলাইছে৷ আনহাতে মাস্ক পৰিধান কৰা নীতি শিথিল কৰাৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্রৰ একাংশ স্কুলত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷
তদুপৰি দেশজুৰি ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ বিগত কেইবাসপ্তাহ ধৰি দেশখনৰ গ্রামাঞ্চলৰ চিকিৎসালয়ত ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ছেপ্ঢেম্বৰৰ মাজভাগৰ পৰাই দেশখনত প্রতিদিনে গড়ে প্রায় ৭৩ হাজাৰ লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হৈ আছে৷ উল্লেখ্য যে ভাৰতত প্রতিদিনে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা নিম্নগামী হৈ আছে যদিও উৎসৱৰ বতৰ চলি থকাৰ পৰিপ্রেক্ষিতত কিছু কিছু অঞ্চলত ভাইৰাছটোত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ দুর্গা পূজাৰ পিছত পশ্চিমবংগত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ সম্ভাৱনাক লৈ ব্যাপক চর্চা চলি থকাৰ সময়তে কর্ণাটক, মহাৰাষ্ট্র আৰু মধ্যপ্রদেশত ক’ভিড–১৯ৰ ডেল্টাৰ নতুন প্রকৰণ চিনাক্ত হৈছে৷ নতুন দিল্লীত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াই প্রকাশ কৰা মতে, নতুন এৱাই.৪.২ ক’ভিড–১৯ প্রকৰণক লৈ আইচিএমআৰ আৰু এনচিডিচিৰ দলে অধ্যয়ন চলাই আছে৷ এই নতুন প্রকৰণে মহামাৰী ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ আগজাননী বুলি একাংশ বিশেষজ্ঞই প্রকাশ কৰিছে৷

No comments:

Post a Comment

SPONSORED