‘ছেভ পাব্লিচাৰ্ছ’-এ আগবঢ়াইছে ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’৷ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 3, 2021

‘ছেভ পাব্লিচাৰ্ছ’-এ আগবঢ়াইছে ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’৷

সামাজিক মাধ্যমত বৃদ্ধি পোৱা কাব্য চৰ্চাৰ প্ৰতি লক্ষ্য ৰাখি আৰু কবিসকলক উৎসাহ যুগুৱাৰ মানসেৰে নিৰ্ভৰযোগ্য গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান ‘ছেভ পাব্লিচাৰ্ছ’-এ আগবঢ়াইছে ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’৷


*স্ব-ৰচিত কবিতা প্ৰতিযোগিতা*

প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ
=====================

১৷ এগৰাকী প্ৰতিযোগীয়ে এটি কবিতা প্ৰেৰণ কৰিব পাৰিব৷ কবিতাসমূহ স্ব-ৰচিত আৰু অসমীয়া ভাষাৰ হ’ব লাগিব৷ কবিতাসমূহৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্তু বাছি দিয়া হোৱা নাই৷

২৷ প্ৰতিযোগীসকলে ‘প্ৰতিযোগিতাৰ বাবে’ বুলি উল্লেখ কৰি কবিতাৰ সৈতে নিজৰ নাম, ঠিকনা, ফোন-হোৱাটচএপ নম্বৰ আৰু ফটো আমাৰ অফিচিয়েল Whatsapp No.+917578801008 নাইবা ই-মেইল : sangbadprahari@gmail.comত প্ৰেৰণ কৰিব লাগিব৷

৩৷ প্ৰতিযোগীসকলৰ বাবে বয়সৰ কোনো সময়সীমা নাথাকিব অৰ্থাৎ সকলো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷

৪ | কবিতা প্ৰেৰণৰ শেষ তাৰিখ- ১৫ অক্টোবৰ, ২০২১৷

প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা কবিতাসমূহ ০৭ অক্টোবৰ, ২০২১ তাৰিখৰ পৰা ১৫ অক্টোবৰ, ২০২১ তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ’ব৷

৫৷ কবিতাসমূহ আমাৰ ৱেবছাইট (www.sangbadprahari.com)ত প্ৰকাশ কৰা হ’ব আৰু তাৰ লিংক Official Facebook Page (www.facebook.com/sangbadprahari)তো প্ৰকাশ কৰা হ’ব৷ (আমাৰ ফেচবুক পেজটো Like বা Follow কৰিবলৈ নাপাহৰিব৷)

৬ | প্ৰতিযোগীসকলক ভোটৰ জৰিয়তে শীৰ্ষ তিনিগৰাকীক বিজয়ী বাছনি কৰা হ'ব।

৭৷ কবিতাসমূহ প্ৰকাশ হোৱাৰ পিছত ৩০ অক্টোবৰ, ২০২১ তাৰিখৰ সন্ধিয়া ৬ বজালৈকে লাভ কৰা লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ ভিওিত পইণ্ট গণনা কৰা হ'ব ।

৮৷ পইণ্টৰ তালিকা ‌তলত দিয়া ‌ধৰণেৰে হিচাপ কৰা হ'ব:

ৱেবছাইটত-
  • ১টা‌ ভিউজ = ৫ টা ভোট
  • ১টা কমেণ্ট = ৩ টা ভোট

Facebookত-
  • ১টা Like = ১টা ভোট
  • ১টা‌ Comment = ২টা ভোট
  • ১টা Share = ৩ টা ভোট

৯৷ বিচাৰকৰ ফালৰ পৰা থাকিব মুঠ ৫০ পইণ্ট৷

১০৷ ৱেবছাইট আৰু Facebookৰ Views, Like, Comment আৰু Shareসমূহ একগোট কৰি সৰ্বমুঠ পইণ্ট হিচাপ কৰা হ'ব।

১১৷ প্ৰতিযোগিতাৰ ফলাফল ১ নৱেম্বৰ/২০২১ তাৰিখে আমাৰ Official Facebook Page আৰু আমাৰ ৱেবছাইট www.sangbadprahari.comত প্ৰকাশ কৰা হ'ব।

১২৷ বিজয়ী সকলক ‘সংবাদ প্ৰহৰী’ৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত উপযুক্ত পুৰস্কাৰৰ লগতে প্ৰতিগৰাকী প্ৰতিযোগীক অংশগ্ৰহণকাৰীৰ মানপত্ৰ প্ৰদান কৰা হ’ব ৷

বি: দ্ৰ:: আয়োজক আৰু বিচাৰকৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত বুলি গন্য কৰা হব।

ধন্যবাদেৰে-
বিভাগীয় সম্পাদক, সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED