ক্রীড়ামন্ত্রীৰ পৰা ২০২০ চনৰ অর্জুন বঁটা গ্রহণ অসমকন্যা লাভলীনাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 4, 2021

ক্রীড়ামন্ত্রীৰ পৰা ২০২০ চনৰ অর্জুন বঁটা গ্রহণ অসমকন্যা লাভলীনাৰ

অলিম্পিকৰ ইতিহাসত অসমৰ মান উজলোৱা একমাত্র ক্রীড়াবিদ লাভলীনা বৰগোহাঁইক আজি আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ল ‘অর্জুন’ সন্মান৷ ২০২০ চনতে ঘোষিত এই সন্মান ক’ভিড পৰিস্থিতিৰ বাবে ‘ভার্ছুৱেলী’ ইতিপূর্বে প্রদান কৰা হৈছিল যদিও সোমবাৰে ইয়াৰ আনুষ্ঠানিকতাও সম্পন্ন কৰা হয়৷


নতুন দিল্লীৰ অশোকা হোটেলত আয়োজিত এক অনুষ্ঠানত কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে টকিঅ’ অলিম্পিকৰ ৬৯ কেজি বক্সিঙত ব্রঞ্জৰ পদক অর্জন কৰা অসম–জীয়ৰী লাভলীনাক ক্রীড়া জগতৰ সন্মানীয় বঁটা অর্জুন প্রদান কৰে৷ ক্রীড়ামন্ত্রীগৰাকীয়ে ৭৪গৰাকীক সোমবাৰে ৰাষ্ট্রীয় বঁটা প্রদান কৰে৷দেশত সৃষ্টি হোৱা ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ২০২০ চনত ৰাষ্ট্রীয় বঁটা প্রদান অনুষ্ঠানটো স্থগিত ৰাখিছিল যদিও বঁটাপ্রাপকসকলক নগদ ধনৰ পুৰস্কাৰসমূহ আগবঢ়োৱা হৈছিল৷ অৱশ্যে তেওঁলোকক ট্রফী আৰু প্রশস্তি পত্র প্রদান কৰা হোৱা নাছিল৷ অৱশেষত কালি কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে খেলুৱৈসকলক ট্রফী আৰু প্রশস্তি পত্রসমূহ প্রদান কৰে৷

উল্লেখ্য যে ২০২০ চনত তাৰকা ক্রিকেটাৰ ৰোহিত শর্মা, পেৰা এথলীট মাৰিয়াপ্পান থাংগাভেলু, টেবুল টেনিছ খেলুৱৈ মণিকা বাট্রা, মল্লযুঁজাৰু ভিনেশ ফ’গট আৰু মহিলা হকী খেলুৱৈ ৰাণী ৰামপালে খেলৰত্ন বঁটা লাভ কৰিছিল৷

No comments:

Post a Comment

SPONSORED