দশ অসম বিধানসভা আৰম্ভ হোৱাৰ লগে লগে আটকধুনীয়া ৰূপত সজাই–পৰাই তোলাৰ ব্যৱস্থা কৰা হৈছে অসম বিধানসভা চৌহদকে ধৰি বিধায়ক আৱাস চৌহদো৷ যোৱা ৬টা মাহত বিধানসভা চৌহদত দেখা গৈছে নতুন পৰিৱেশ৷ চৌপাশে ফুল আৰু ৰং–বিৰঙৰ লাইটেৰে জাকত জিলিকা হৈ পৰিছে অসম বিধানসভা৷ বিধানসভা চৌহদো সজোৱা হৈছে নতুন ৰূপত৷ বিধানসভা চৌহদ নতুন ৰূপত সজাবলৈ যাওঁতেই সংঘটিত হৈছে এক আজব ঘটনা৷ ৰং ঘঁহিবলৈ গৈ বৰতোপো কৰা হৈছে সোণালী বৰণৰ৷ বিধানসভা চৌহদত থকা দুটা বৰতোপত দিয়া হ’ল ৰং৷ লোৰে নির্মিত বৰতোপৰ স্বাভাৱিক ৰং হৈছে ক’লা৷ কিন্তু সেই বৰতোপত সোণালী ৰং ঘঁহি দিয়া হ’ল৷ বর্তমান বিধানসভাৰ প্রৱেশদ্বাৰত সজাই থোৱা আছে সোণালী ৰঙৰ সেই বৰতোপ দুটা৷ ইয়াকে লৈ বহুতৰে মাজত প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷
Responsive Ads Here
Friday, November 12, 2021

ক’লা ৰঙৰ বৰতোপ হ’ল সোণালী বৰণৰ
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment