বনভূমি বেদখলঃ লামডিং বনাঞ্চলৰ ভূ–মাফিয়া নজৰুলক গ্রেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 17, 2021

বনভূমি বেদখলঃ লামডিং বনাঞ্চলৰ ভূ–মাফিয়া নজৰুলক গ্রেপ্তাৰ

উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে হোজাইৰ লামডিং বনাঞ্চলত প্রথম পর্যায়ত ৮ আৰু ৯ নৱেম্বৰ, দ্বিতীয় পর্যায়ত ১১ আৰু ১২ নৱেম্বৰত হোজাই প্রশাসনে উচ্ছেদ অভিযান চলাইছিল৷ লামডিং বনাঞ্চলৰ কমৰপানী, বেটনলা, হাজিবস্তি, পাগলাবস্তি, থাদংনলা মিলাই মুঠ ৭৩৬টা পৰিয়ালৰ ঘৰ প্রশাসনে উচ্ছেদ কৰে৷ ইতিমধ্যে উচ্ছেদিত লোকসকলে সংবাদ মাধ্যমত প্রকাশ কৰিছিল বনাঞ্চলৰ ভূমি বেদখলৰ আঁৰৰ কাহিনী৷ পোহৰলৈ আহিছিল নজৰুল হুছেইন নামৰ এজনৰ নাম৷ মুখ্যমন্ত্রীৰ মুখতো উচ্চাৰিত হৈছিল নজৰুলৰ নাম৷ এই নজৰুলৰ নেতৃত্বতে লামডিং সংৰক্ষিত বনাঞ্চলত চলিছিল বেদখল আৰু বনভূমি বিক্রীৰ অভিযান৷


ইয়াৰ পিছতেই হোজাই আৰক্ষীয়ে লামডিং থানাত নজৰুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ লামডিং থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/৪২৭/৩২৬/৫০৬/৩০৭ আৰু বন আইনৰ ২৪AB ২৫,ABCD/৪২/৬১নং ধাৰাৰ অধীনত ৰুজু হোৱা ২২৪/২১নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে নজৰুলৰ বিপক্ষে অভিযান অব্যাহত ৰাখিছিল৷ যোৱানিশা হোজাইৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্রাণজিৎ দুৱৰাৰ নেতৃত্বত অভিযান চলাই নখুঁটিৰ পৰা গ্রেপ্তাৰ কৰে কুখ্যাৎ ভূ–মাফিয়া নজৰুল হুছেইনক৷ নজৰুলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ আন এটা মাটিৰ দালালকো আটক কৰে৷
মঙলবাৰে দুয়ো অভিযুক্তকে হোজাই জিলা সদৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি সাত দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লয়৷ এই সন্দর্ভত হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই হোজাই থানাত এখন সংবাদ মেল আয়োজন কৰি কয় যে হোজাইৰ লামডিং বনাঞ্চলৰ ভূমি বিক্রীৰ লগত জডিত কোনো সাৰি নাযায়৷ ইফালে, এই ভূমি বেদখল আৰু ক্রয়–বিক্রীৰ লগত হোজাইৰ বন বিভাগৰ বহু লোকৰ নাম সম্প্রতি পোহৰলৈ আহিছে৷ এই নামসমূহৰ মাজত বহুকেইজন উচ্চপদস্থ বিষয়াৰ নামো সাঙোৰ খাই পৰিছে৷ আৰক্ষীৰ সঠিক তদন্তত এইসকল বিষয়া জালত পৰাৰ সম্ভাৱনা আছে৷

No comments:

Post a Comment

SPONSORED