বৰপেটাত সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা আৱণ্টিত ধনেৰে গণ অধিকাৰ ছ’চিয়েল চাৰ্কুলৰ এম্বুলেন্স সেৱা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 26, 2021

বৰপেটাত সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা আৱণ্টিত ধনেৰে গণ অধিকাৰ ছ’চিয়েল চাৰ্কুলৰ এম্বুলেন্স সেৱা

বৰপেটা : বৰপেটাত আজি আনুষ্ঠানিকভাৱে উদ্বোধন হয় এখন এম্বুলেঞ্চ সেৱা। এম্বুলেঞ্চখন উদ্বোধন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে।এই এম্বুলেঞ্চ সেৱা উদ্বোধন উপলক্ষে বৰপেটা প্ৰেছ ক্লাৱত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। 


সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ভাষণত গণ অধিকাৰ ছো’চিয়েল চাৰ্কলৰ এই সমাজসেৱা মনোবৃত্তিৰ সলাগ লয়। তাৰ পিছতে তেওঁ সমাজৰ পৰা বিস্বাস, সততা, প্ৰেম নিৰ্বাপিত হৈ আছে বুলি কৈ সমাজত বিভৎস কাণ্ড সংঘটিত হৈ আছে বুলি কয়। ভায়েক ভায়েকক, বন্ধুৱে বন্ধুক, পুত্ৰই পিতৃ-মাতৃক, পিতৃ-মাতৃয়ে সন্তানক নিৰ্মমভাৱে অত্যাচাৰ, হত্যা কৰাৰ এখন সমাজত আমি বসবাস কৰি আছো বুলি কৈ এই ক্ষেত্ৰত সাংবাদিকৰ দ্বায়িত্ব গধুৰ আৰু ব্যাপক হৈ পৰিছে। মাত্ৰ আমি আশা পালি জীয়াই আছো বুলি কৈ বিশিষ্ট সাহিত্যিক গৰাকীয়ে সেই আশাৰ বন্তি হিচাপে সমাজত থিয় হৈ আছে গণ অধিকাৰৰ দৰে স্তম্ভসমুহ বুলি কয়। 


ইয়াৰ লগে লগে তেওঁ আমাৰ সমাজখন নৰক হৈ পৰা নাই বুলি কৈ সুন্দৰ সমাজ গঢ়িবলৈ সাংবাদিকে প্ৰকৃত বাতৰি পৰিবেশনত অধিক গুৰুত্ব দিব লাগিব বুলি কয়। গতিকে সাংবাদিকসকলে সমাজখনক বৌদ্ধিক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত সাংবাদিকসকলৰ কৰণীয় আৰু বহুত আছে। এই ক্ষেত্ৰত সাংবাদিকসকল সমাজৰ প্ৰেম, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। সমাজৰ চিকিৎসক হৈছে সাংবাদিকসকল বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য ভাষণৰ জড়িয়তে দাঙি ধৰে। গণ অধিকাৰ ছ’চিয়েল চাৰ্কলৰ খবিৰ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাহিত্যিক নঞ্জু দত্তই জনসাধাৰণৰ সেৱাত এম্বুলেঞ্চ মুকলিটো বৰপেটাৰ বাবে এক বিৰল মূহুৰ্ত বুলি ভাষণত কয়। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদ খালেকে সাংসদ পুজিৰ জৰিয়তে ১৫ লাখতকৈ অধিক টকা এম্বুলেঞ্চ ক্ৰয় কৰাৰ বাবে গণ অধিকাৰ ছো’চিয়েল চাৰ্কলক দিছে বুলি জনায় ইয়াৰ জৰিয়তে জিলাখনৰ সকলো শ্ৰেণীৰ লোকৰ উপকাৰ সাধন হব বুলি আশা ব্যক্ত কৰে । বিগত দুই বছৰে সাংসদ পুঁজি বন্ধ হৈ আছে। এইবাৰ দিয়া ধনৰ উক্ত অংশৰে এই এম্বুলেঞ্চখন ক্ৰয় কৰি ৰাইজৰ মাজত মুকলি কৰি দিয়া হৈছে বুলি তেওঁ কয়। 


ইপিনে সাংবাদিকে সোধা এটি প্ৰশ্নৰ উত্তৰত বৰপেটা চহৰৰ উন্নয়নৰ বাবে চৰকাৰে অধিক গুৰুত্ব নিদিয়া বুলি কৈ কেবল মেৰুকৰণৰ কথাহে চৰকাৰে কয় বুলি তেওঁ কয়। গণ অধিকাৰ ছো’চিয়েল চাৰ্কলৰ তথা কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে এম পি এল এ ডি পুজিৰ জৰিয়তে আৱন্টিত এম্বুলেঞ্চখন ৰাইজৰ সেৱাত উৎসৰ্গিত হব বুলি জনায়। ৰাইজে ৯৪০১১১৪৪৪৪ , ৭৫৭৫৯৫৪১০১ আৰু ৯৪৩৫০২৫৩৭৭ ফোন নম্বৰৰ জড়িয়তে সদ্যহতে এই এম্বুলেঞ্চ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ জনায়। সভাত অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম সেখ, চাবলাইম একাডেমিৰ সঞ্চালক দেৱান নজৰুল কাদেৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, সাংবাদিক, সাহিত্যিক, লেখক উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED