অনিমেষ হত্যাকাণ্ড মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাক গ্ৰেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 30, 2021

অনিমেষ হত্যাকাণ্ড মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাক গ্ৰেপ্তাৰ

যোৰহাটৰ বর্বৰোচিত কাণ্ডই জোকাৰি গৈছে সমগ্র ৰাজ্যখনকে৷ অৱশেষত গ্ৰেপ্তাৰ হ’ল অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লাক। যোৰহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নীৰজ দাসক। উল্লেখ্য যে এই নৃশংস ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰিছিল নীৰজ দাসে।


ইফালে কালিৰ বর্বৰোচিত আক্রমণৰ সৈতে জড়িত থকাৰ অভিযোগত ১৩ জন অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ পৰৱৰ্তী সময়ত আৰু কেইবাজনো নৰাধম আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷
আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যালয়ৰ পৰা ৰাজ্য জোকাৰি যোৱা ঘটনাটোৰ তদন্ত প্রক্রিয়া নিৰীক্ষণ কৰি থকা হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ চিআইডিয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত৷ আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ছাত্ৰনেতা অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰনোজ পেগু বিধায়ক ৰূপজ্য়োতি কুৰ্মি।

No comments:

Post a Comment

SPONSORED