শুকাই মৰুভূমি হৈছে কলহী নৈ গভীৰ সংকটত বিশ্বখ্যাত ৰিভাৰ ডলফিন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 22, 2021

শুকাই মৰুভূমি হৈছে কলহী নৈ গভীৰ সংকটত বিশ্বখ্যাত ৰিভাৰ ডলফিন

দক্ষিণ কামৰূপৰ কলহী নৈখন এতিয়া মৰুভূমি হ’ল৷ শুকাই গ’ল মহাবাহু ব্রহ্মপুত্রৰ উপনৈ কলহীৰ বুকু৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খাচী পাহাৰৰ পৰা বৈ অহা নৈখনে কুকুৰমাৰাৰ পৰা নগৰবেৰালৈ ৭৬.৫ কিলোমিটাৰ ঠাইত এতিয়া পানীৰ হাহাকাৰ পৰিস্থিতি৷ পৃথিৱী বিখ্যাত জলচৰ প্রাণী ৰিভাৰ ডলফিন (শিহু) বিদায় মাগিলে চিৰকালৰ বাবে৷ মাত্র কুকুৰমাৰাৰ বলোৰ বান্ধ আৰু পাৰঘাটত দুয়োটা কূৰতহে মাত্র ১০টামান শিহুৱে মৃত্যু যন্ত্রণাত ছটফটাই আছে৷


লণ্ডন, আমেৰিকা, জাপান আদি বহিঃৰাষ্ট্রৰ পর্যটকে কুকুৰমাৰাৰ দুয়োমুখালৈ আহি বর্তমান উভতি যাবলগীয়া হৈছে৷ উল্লেখ্য যে সমগ্র পৃথিৱীৰ ভিতৰতে অদ্বিতীয় ৰূপত কুকুৰমাৰা কলহী নৈত ৰিভাৰ ডলফিন চিহ্ণিত হৈছিল৷ সম্প্রতি কলহীৰ বক্ষ শুকাই যোৱাৰ ফলত চিন্তিত হৈ পৰিছে প্রকৃতিপ্রেমী তথা অঞ্চলটোৰ সচেতন ৰাইজ৷ ইয়াৰ উপৰি কলহী নৈখনক লৈয়েই দক্ষিণ কামৰূপৰ অর্ধশতাধিক গাঁৱৰ মাছমৰীয়া লোকসকলে জীৱন অতিবাহিত কৰি আহিছে৷ প্রায় ৩০ হাজাৰ পৰিয়ালৰ এতিয়া জীৱন–জীৱিকাৰ পথ সমূলি বন্ধ হৈ পৰিছে৷ এটা সময়ত কলহী নৈখনত ৭০বিধ বিভিন্ন প্রজাতিৰ সৰু–বৰ থলুৱা মাছ উভৈনদী আছিল৷
বর্তমান নৈখন শুকাই যোৱাৰ ফলত মাছ নাইকিয়া হৈছে৷ কেৱল চলিত বর্ষতে যে নৈখনৰ পানী শুকাই গৈছে এনে নহয়৷ বিগত ৪–৫ বছৰৰ পৰা পানী শুকাই গৈছে কলহী নৈখনত৷ ইফালে, নৈখনৰ পানী শুকাই যোৱাৰ ফলত ৰবি শস্য, ধান খেতি কৰা লোকসকলৰ বাবেও নামি আহিছে কাল অমানিশা৷ কলহী নৈৰ দুয়োপাৰে কচু, আলু, ঢেঁকীয়া, মানিমুনি, ভেদাইলতাকে আদি কৰি বিভিন্ন শাক প্রাকৃতিকভাৱে সৃষ্টি হৈছিল৷ কিন্তু নৈখন শুকাই যোৱাৰ ফলতেই এনেধৰণৰ শাক–পাচলি নোহোৱা হৈছে৷
তদুপৰি নৈকাষৰীয়া লোকসকলৰ বিভিন্ন পোহনীয়া গৰু, ম’হ, ছাগলীৰ অচিন ৰোগত মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ কাৰণ পোহনীয়া জীৱ–জন্তুসমূহ কলহী নৈৰে ইপাৰ–সিপাৰ কৰোঁতে বিভিন্ন ৰোগ হোৱা দেখা গৈছিল৷ একমাত্র কলহী নৈৰ পানী শুকাই যোৱাৰ পৰা দক্ষিণ কামৰূপৰ হাজাৰ বছৰীয়া খেলনাও প্রতিযোগিতা বন্ধ কৰিবলগীয়া হৈছে৷
উল্লেখ্য যে ৬৫নং কলহী মীন সমবায় সমিতিৰ সভাপতি হৰেন দাস আৰু অর্জুন দাসে জানিবলৈ দিয়া মতে, কামৰূপ জিলা উপায়ুক্তৰ ওচৰত এখন স্মাৰক–পত্র প্রদান কৰিছে৷ তাত মৎস্যজীৱী লোকসকলৰ হিতৰ বাবে নৈখনৰ চৰকাৰী ৰাজহ ৰেহাই দিয়াৰ বাবে অনুৰোধ জনাইছে৷ লগতে একমাত্র কলহী নৈখনক কেন্দ্র কৰিয়েই জীৱন অতিবাহিত কৰি অহা মৎস্যজীৱী লোকসকলৰে ভৱিষ্যতৰ বাবে ৰাজহ ৰেহাই দিয়াৰো দাবী জনাইছে৷

No comments:

Post a Comment

SPONSORED