হোজাইৰ লামডিং বনাঞ্চলত আজি পুৱাৰে পৰা আৰম্ভ হ’ল দুদিনকৈ চলিবলগা উচ্ছেদ অভিযান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 8, 2021

হোজাইৰ লামডিং বনাঞ্চলত আজি পুৱাৰে পৰা আৰম্ভ হ’ল দুদিনকৈ চলিবলগা উচ্ছেদ অভিযান

হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলত দুদিনীয়াকৈ চলিবলগা উচ্ছেদ অভিযানৰ আজি পুৱাৰে পৰা আৰম্ভ হয়।
পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযানত জিলাখনৰ আৰক্ষী বাহিনীৰ লগতে মোতায়েন কৰা হয় দেৰগাঁওৰ একাদশ আৰক্ষী বেটেলিয়ন,দৰং জিলাৰ খজুৱাবিল স্থিত ৩য় এপিটিএফ বাহিনীৰ আৰক্ষী জোৱান, অৰ্ধসামৰিক বাহিনীৰ ৪ টাকৈ কোম্পানী।মোতায়েন কৰা হয় বনবিভাগৰ তেজপুৰ,নগাঁও,হোজাইৰ ৫শতাধিক বিষয়া-কৰ্মী আৰু প্ৰৰ্টেকচন ফৰ্চ।ব্যৱহাৰ কৰা হয় এক্সাভেটৰকে ধৰি অৰ্ধ শতাধিক ট্ৰেক্টৰ,১০ টাৰো অধিক হাতী।


বনাঞ্চলখনত আজি চলা প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানত পাগলাবস্তি,হাজিবস্তি আৰু কমৰপানী গাওঁকেইখনৰ ৩শ হেক্টৰ ভূমি মুকলি কৰা হয়।সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলা উচ্ছেদ অভিযানত সংঘটিত হোৱা নাই কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা।উল্লেখ্য যে, হস্তী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃত বনাঞ্চলখনৰ ৫শ হেক্টৰ ভূমিত ৫খনকৈ গাওঁ পাতি বেদখলকাৰীসকলে বসতি স্থাপন কৰাৰ লগতে বিভিন্ন কৃষিকৰ্ম কৰিচিল।উক্ত গাঁও ৫খনৰ পাগলাবস্তিত বসতি কৰিচিল ৫৫ ঘৰ গাৰো সম্প্ৰদায়ে,হাজিবস্তিত ৬০ ঘৰ গাৰো আৰু চাকমা জনগোষ্ঠীয়ে,কমৰপানীত ২০০ঘৰ মুচলিম সম্প্ৰদায়ে,ভেটনলাত ১৭০ ঘৰ মুছলামান সম্প্ৰদায়ে আৰু লাংচিপাইত ৪০ ঘৰ গাৰো সম্প্ৰদায়ৰ লোকে।

No comments:

Post a Comment

SPONSORED