মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুক ডিব্রুগড়লৈ বদলি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 4, 2021

মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুক ডিব্রুগড়লৈ বদলি

ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে বুধবাৰে নির্দেশযোগে প্রশাসনত ব্যাপক সালসলনি ঘটাইছে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক ডিব্রুগড় জিলালৈ বদলি কৰা হৈছে৷ আনহাতে ডিব্রুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্ব অর্পণ কৰা হৈছে৷ সালসলনিৰ এই নির্দেশমর্মে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদক বন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ পৰিৱেশ আৰু বন বিভাগৰ প্রধান সচিব অবিনাশ পুৰুষোত্তম দাস যোশীক নতুন দিল্লীৰ অসম ভৱনৰ অতিৰিক্ত প্রধান আয়ুক্তৰ দায়িত্ব অর্পণ কৰা হৈছে৷ যোশীয়ে শ্রম আৰু কল্যাণ বিভাগৰ প্রধান সচিবৰ দায়িত্ব চম্ভালিব৷


ইফালে গ্রামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ প্রধান সচিব জে বি এক্কাক চাহ জনজাতি উন্নয়ন আৰু শ্রম উন্নয়ন বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্বত থকা আয়ুক্ত সচিব ড০ সিদ্ধার্থ সিঙক অটল অমৃত অভিযানৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে৷ মীন, জলসিঞ্চন আৰু এপিডিচিএল বিভাগৰ দায়িত্বত থকা আয়ুক্ত সচিব ৰাকেশ কুমাৰক জলসিঞ্চন বিভাগটোৰ পৰা অব্যাহতি দিয়া হৈছে৷ একেদৰে নগাঁৱৰ উপায়ুক্ত কবিতা পদ্মনাভনক জলসিঞ্চন আৰু নগৰ আৰু চহৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিব হিচাপে বদলি কৰা হৈছে৷ ইফালে চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুক অসম ভৈয়াম আৰু অন্যান্য পিছপৰা শ্রেণীৰ উন্নয়ন বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে৷ দৰং জিলাৰ উপায়ুক্ত প্রভাতী থাউচেনক পর্যটন বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে৷ ডিমা হাছাও জিলাৰ উপায়ুক্ত প’ল বৰুৱাক চৰাইদেউ জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷

কৰিমগঞ্জৰ উপায়ুক্ত খর্গেশ্বৰ পেগুক সাধাৰণ প্রশাসনৰ যুটীয়া সচিব হিচাপে, বিশ্বনাথৰ উপায়ুক্ত প্রণৱ কুমাৰ শর্মাক দৰঙৰ উপায়ুক্তৰ দায়িত্ব, মুখ্যমন্ত্রীৰ প্রধান ব্যক্তিগত সচিব দেৱ কুমাৰ মিশ্রক বিশ্বনাথৰ উপায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে৷ দক্ষিণ শালমাৰাৰ উপায়ুক্ত হিভ্রে নিচার্গ গৌতমক নগাঁৱৰ উপায়ুক্ত হিচাপে, হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত পল্লৱী সৰকাৰক দক্ষিণ শালমাৰাৰ উপায়ুক্ত হিচাপে, দিবাকৰ নাথক কার্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ–সচিব মৃদুল যাদৱক জলমিছনৰ কৰিমগঞ্জৰ উপায়ুক্ত হিচাপে, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্রশান্ত প্রতীম কাঠকটীয়াক মুখ্যমন্ত্রীৰ প্রধান ব্যক্তিগত সচিব ৰূপে নিযুক্তি দিয়া হৈছে৷ ইফালে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰুৱাক গৃহ বিভাগৰ উপ–সচিব হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত বিবেক শ্যাম পাংয়কক দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে

No comments:

Post a Comment

SPONSORED