ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত অসমৰ ৪খন ছবি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 6, 2021

ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত অসমৰ ৪খন ছবি

‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ৫২সংস্কৰণৰ ইণ্ডিয়ান পেনোৰামা শাখাত প্রদর্শিত হ’বলগীয়া চলচ্চিত্রসমূহৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে৷ ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হৈছে অসমৰ চাৰিখনকৈ ছবি৷ ‘ফিচাৰ ফিল্ম’ হিচাপে আইমী বৰুৱা পৰিচালিত ডিমাচা ভাষাৰ ‘ছেমখৰ’, বিশাল পি চলিহাই পৰিচালনা কৰা বড়ো ভাষাৰ ‘ছিজৌ’ আৰু বিশ্বজিৎ বৰা পৰিচালিত মিচিং ভাষাৰ ‘বোম্বা ৰাইড’ নির্বাচিত হোৱাৰ বিপৰীতে ‘নন–ফিচাৰ ফিল্ম’ ৰূপে কিশোৰ কলিতাই পৰিচালনা কৰা অসমীয়া ভাষাৰ ‘বীৰাংগনা’ই স্থান লাভ কৰিছে৷ অসমৰ ছবি উদ্যোগটোৰ বাবে স্বাভাৱিকতে এয়া বিবেচিত হৈছে সুখবৰ ৰূপে৷


উল্লেখ্য যে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ অধীনস্থ ভাৰতৰ চলচ্চিত্র মহোৎসৱ সঞ্চালকালয়ৰ উদ্যোগত গোৱাত অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈ ৫২সংখ্যক ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ অনুষ্ঠিত হ’ব৷ এইবাৰ মুঠ ২২১খন ভাৰতীয় ছবিৰ মাজৰ পৰা ইণ্ডিয়ান পেনোৰামাৰ বাবে ২৫খন ‘ফিচাৰ ফিল্ম’ নির্বাচিত কৰা হৈছে৷ সেইদৰে ২০৩খন ছবিৰ মাজৰ পৰা নির্বাচিত কৰা হৈছে ২০খন ‘নন–ফিচাৰ ফিল্ম’৷ বিশিষ্ট ছবি নির্মাতা তথা অভিনেতা এছ ভি ৰাজেন্দ্র সিং বাবুৰ নেতৃত্বত ‘ফিচাৰ ফিল্ম’ৰ বাবে গঠন কৰা হৈছে ১২জনীয়া জুৰী৷ ‘নন–ফিচাৰ ফিল্ম’ৰ সাতজনীয়া জুৰীৰ নেতৃত্বত আছে প্রখ্যাত তথ্যচিত্র নির্মাতা এছ নাল্লামুথু৷
লক্ষণীয়ভাৱে এই সাতজনীয়া জুৰীত দুজনকৈ অসমীয়ায়ো স্থান লাভ কৰিছে৷ তেওঁলোক হ’ল– তথ্যচিত্র নির্মাতা শিৱানু বৰা আৰু চিত্র সমালোচক সুব্রতজ্যোতি নেওগ৷ মন কৰিবলগীয়া যে ইণ্ডিয়ান পেনোৰামাৰ ‘ফিচাৰ ফিল্ম’ শিতানৰ উদ্বোধনী ছবি হ’ব আইমী বৰুৱা পৰিচালিত ‘ছেমখৰ’৷ ছবিখনত পৰিচালিকা আইমী বৰুৱাই অভিনয়ো কৰিছে৷

No comments:

Post a Comment

SPONSORED