ছেভ পাব্লিচাৰ্ছে আগবঢ়োৱা ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’ৰ ফলাফল ঘোষণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 7, 2021

ছেভ পাব্লিচাৰ্ছে আগবঢ়োৱা ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’ৰ ফলাফল ঘোষণা

শীঘ্ৰে অনুষ্ঠিত কৰা হ’ব কবিতা আবৃত্তি (ভিডিঅ’) প্ৰতিযোগিতা


বিশেষকৈ নবীনসকলৰ উৎসাহিত কৰাৰ লগতে আগুৱাই অনাৰ স্বাৰ্থত গ্ৰন্থ প্ৰকাশ কৰি ইতিমধ্যে ৰাজ্যখনত সুনাম কঢ়িয়াই অনা প্ৰকাশন গোষ্ঠী ছেভ পাব্লিচাৰ্ছে আগবঢ়োৱা স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়মাৱলী অনুসৰিয়েই অতি নিকা তথা স্বচ্ছ পদ্ধতিৰে ‘সংবাদ প্ৰহৰী’ৰ এই স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ বাবে বান্ধি দিয়া নিয়মাৱলী অনুসৰি ভিউজ, লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ হিচাপ মতে লাভ কৰা পইণ্টেৰ ভিত্তিত ফলাফল ঘোষণা কৰা হয়৷ অৱশ্যে বিচাৰকৰ বাবে আছিল ৫০ পইণ্ট আৰু মুঠ বিচৰাকৰ সংখ্যা আছিল তিনিগৰাকী৷

ফলাফল ঘোষণা কৰি সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে কয় যে, যেনেকৈ জ্ঞানৰ পৰিমান জোখাৰ বাবে পৰীক্ষা যেনেদৰে চূড়ান্ত পদ্ধতি হ’ব নোৱাৰে, ঠিক তেনেদৰে এই প্ৰতিযোগিতাৰ বাবে বান্ধি দিয়া নিয়মাৱলী এশ শতাংশই শুদ্ধ নহয় যদিও এক সৰ্বোত্তম পদ্ধতি হিচাপে নিয়মাৱলীসমূহ প্ৰস্তুত কৰা হৈছিল৷ বিতৰ্ক হোৱাটো স্বাভাৱিক৷ কেৱল বিচাৰকৰ হাতত সম্পূৰ্ণ দায়িত্ব এৰি দিলেও সেই ক্ষেত্ৰতো বিতৰ্ক হোৱা পৰলক্ষিত হয়৷ সেয়ে সকলো দিশ চিন্তা-চৰ্চা কৰি কবিসকলৰ কবিতা চাগে সহজতে ডিজিটেল তথা ইণ্টাৰনেট মাধ্যমত সজীৱ হৈ থাকে তাৰ বাবেই এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ ইপিনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক ধন্যবাদ জ্ঞাপন কৰি সম্পাদকগৰাকীয়ে এইবুলি জানিবলৈ দিয়ে যে অহা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’বলগীয়া সংবাদ প্ৰহৰীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক সন্মান প্ৰদান কৰা হ’ব৷ আনহাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক অংশগ্ৰহণকাৰীৰ মানপত্ৰৰে সন্মানিত কৰা হ’ব৷ ইয়াৰোপৰি অতি শীঘ্ৰে কবিতা আবৃত্তি (ভিডিঅ’) প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে৷

উল্লেখ্য যে প্ৰতিবছৰ দৰে এইবেলিও অনুষ্ঠিত হ’বলগীয়া সংবাদ প্ৰহৰীৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত এগৰাকী বিশিষ্ট সাংবাদিকক ‘সংবাদ প্ৰহৰী বঁটা’ৰে সন্মানিত কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন দিশৰ অগ্ৰণী ব্যক্তিক সন্মান আৰু সম্বৰ্ধনা প্ৰদান কৰা হ’ব৷
  •  প্ৰথম পুৰস্কাৰ : উশাহে ভাগৰিব এদিন (৮,২৮৩)- ৰাবিয়া বেগম, মৰিগাঁও
  • দ্বিতীয় পুৰস্কাৰ : বৃদ্ধাশ্ৰম (৮,১১০)- ইলিয়াচ আহমেদ, ডুডুমীয়া, নগাঁও
  • তৃতীয় পুৰস্কাৰ : দেশনীতি (৭,১১৩)- আনজুমা বেগম (ববি), চাপৰ, ধুবুৰী
:: ফলাফলৰ সম্পূৰ্ণ তালিকা ::









No comments:

Post a Comment

SPONSORED