নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ অনুদান কেন্দ্রৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 10, 2021

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ অনুদান কেন্দ্রৰ

নামৰূপ সাৰ কাৰখানাৰ মেৰামতিৰ বাবে কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রালয়ে আজি ১০০ কোটি টকা মোকলাহ দিয়ে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ মঙলবাৰে পুৱাৰ ভাগত কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রী মনছুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰাৰ কেহঘণ্টামান পিছতেহ কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রালয়ে ব্রহ্মপুত্র ভেলী ফার্টিলাহজাৰ কর্প’ৰেচন লিমিটেডক ডক্ত ধনৰাশি মোকলাহ দিয়ে৷ টুহটাৰযোগে মুখ্যমন্ত্রী ড০ শর্মাই এহ কথা প্রকাশ কৰিছে৷


মন কৰিবলগীয়া যে মঙলবাৰে পুৱা প্রায় ৯ বজাত কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রীজনক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাই জনাহছিল যে সাৰ কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোট পুনৰুজ্জীৱিত কৰাৰ বাবে এক সপ্তাহৰ ভিতৰত ১০০ কোটি টকা মোকলাহ দিব কেন্দ্রই৷ পিছে কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রীজনক সাক্ষাতৰ কিছু সময় পিছতেহ সাৰ মন্ত্রালয়ে ধনৰাশি মোকলাহ দিয়াটো অতি তাৎপর্যপূর্ণ৷
আনহাতে নামৰূপ সাৰ কাৰখানাৰ চতুর্থটো গোট স্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে সাৰ কাৰখানাটোৰ সৈতে জড়িত সকলো পক্ষক লৈ এখন বৈঠকৰ আয়োজন কৰিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাহ টুহটাৰযোগে প্রকাশ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ৰ শ্লোগানৰ আঁত ধৰি বছৰি ১২ লাখ মেট্ৰিক টন সাৰ ডৎপাদন কৰিব পৰাকৈ নামৰূপৰ চতুর্থ গোট স্থাপন কৰিব পাৰিলে সিয়ে অসমৰ অর্থনীতি আৰু কর্মসংস্থাপনৰ ক্ষেত্রত ব্যাপক অৰিহণা যোগাব বুলি মুখ্যমন্ত্রীয়ে টুহটাৰত মত ব্যক্ত কৰে৷
আনহাতে সাৰ আৰু ৰসায়ন মন্ত্রীৰ উপৰি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হিচাপে মনছুখ মাণ্ডাভিয়াৰ সৈতে অসমৰ ক’ভিড পৰিস্থিতিক লৈও আলোচনা কৰে৷ ভাৰতত ১০০ কোটি ক’ভিড টিকাকৰণৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই মাণ্ডাভিয়াক অভিনন্দন জনোৱাৰ লগতে অসমত চলি থকা টিকাকৰণ অভিযান সন্দর্ভতো সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, অসমত এতিয়ালৈকে ২.০৩ কোটি প্রথম পালি ক’ভিড টিকা দিয়া হৈছে৷ শীঘ্রেহ অসমে ১০০ শতাংশ টিকাকৰণৰ অভিলেখ স্থাপন কৰিব বুলি মুখ্যমন্ত্রীয়ে লগতে আশা ব্যক্ত কৰে৷

No comments:

Post a Comment

SPONSORED