‘এলাগী’ এআইইউডিএফক এইবাৰ চামিলৰ আহ্বান কংগ্রেছৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 11, 2021

‘এলাগী’ এআইইউডিএফক এইবাৰ চামিলৰ আহ্বান কংগ্রেছৰ

ৰাজ্যৰ সদ্যসমাপ্ত ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত শোচনীয় বিপর্যয়ৰ সন্মুখীন হোৱাৰ পাছত প্রদেশ কংগ্রেছত আৰম্ভ হৈছে নতুন অংক৷ যোৱা বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত চৰকাৰ গঠনৰ সপোন আগত ৰাখি কংগ্রেছে এ আই ইউ ডি এফ, বি পি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণমর্চা, ৰাষ্ট্রীয় জনতা দলৰে মিত্রতা কৰি মহাজোঁট গঠন কৰে৷ কিন্তু বিধানসভা নির্বাচনৰ ফলাফলত কংগ্রেছৰ সেই সপোন পূৰ নহ’ল৷ বৰং অসমৰ জনসাধাৰণে দ্বিতীয়বাৰৰ বাবে বিজেপি মিত্রজোঁটক শাসনত অধিষ্ঠিত কৰে৷ বিধানসভা নির্বাচনৰ ফলাফলৰ পাছতেই কংগ্রেছে এ আই ইউ ডি এফৰে কৰা মিত্রতাৰ বাবেই উজনি অসমত দলটো ধৰাশায়ী হ’ল বুলি চিহ্ণিত কৰে আৰু সেই অনুসৰি এ আই ইউ ডি এফ দলৰ সৈতে মিত্রতা ছেদ কৰাৰ লগতে মহাজোঁটো ভংগ কৰে৷ ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত কংগ্রেছ দল অজাপৰে মিত্রতা কৰাৰ বাহিৰে কার্যতঃ অকলে নির্বাচনত অৱতীর্ণ হয়৷ পিছে উপ–নির্বাচনৰ ফলাফলত যোৱা বিধানসভা নির্বাচনৰ তুলনাত কংগ্রেছ দল সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হয়৷

উপ–নির্বাচনৰ আগে আগে ‘এলাগী’ কৰা এ আই ইউ ডি এফক যেন এতিয়া পুনৰ প্রয়োজন হৈছে কংগ্রেছৰ৷ প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ভাষ্যতেই প্রতিফলিত হৈছে সেই ছবিখন৷ আজি প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ দিছপুৰৰ বিধায়ক আৱাসত পুৰকায়স্থৰ লগতে বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু বিধায়ক ৱাজেদ আলী চৌধুৰী এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ উপ–নির্বাচনৰ শোচনীয় ফলাফল আৰু ২০২৪ চনত হ’বলগীয়া লোকসভা নির্বাচনৰ বাবে দল কেনেদৰে অগ্রসৰ হ’ব, সেই সম্পর্কত আলোচনাৰ বাবে কংগ্রেছৰ তিনিওগৰাকী নেতা উক্ত বৈঠকত মিলিত হয়৷ বৈঠকৰ অন্তত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফ দলক কংগ্রেছত চামিল হোৱাৰ আহ্বান জনাই কয় যে সংখ্যালঘু মুছলমান ভোটাৰে বুজি উঠিছে অসমত এ আই ইউ ডি এফ থকালৈকে বিজেপি থাকিব৷ সেয়ে তেওঁ এ আই ইউ ডি এফক কংগ্রেছৰ সৈতে চামিল হোৱাৰ আহ্বান জনায়৷
ইতিমধ্যে তেওঁ এ আই ইউ ডি এফৰ একাংশক ফোনযোগে এই পৰামর্শ দিয়াৰ বিষয়েও সদৰী কৰে৷ এ আই ইউ ডি এফেও সমাগত লোকসভা নির্বাচনৰ আগে আগে এই বিষয়ত চিন্তা কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ সেইদৰে প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই কয় যে এ আই ইউ ডি এফক কংগ্রেছেই জীয়াই ৰাখিছে৷ এ আই ইউ ডি এফৰ নেতাসকলে ইতিবাচক মনোভাব লৈ এ আই ইউ ডি এফ ত্যাগ কৰি কংগ্রেছলৈ আহিলে স্বাগতম জনাব বুলিও তেওঁ ব্যক্ত কৰে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা দুগৰাকীৰ ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে– ‘এলাগী’ এ আই ইউ ডি এফক এতিয়া তেওঁলোকৰ নিতান্তই প্রয়োজন৷ বিভিন্ন সময়ত আনকি এই মুহূর্ততো উপ–নির্বাচনত আজমলৰ দলটো বিধ্বস্ত হোৱাৰ দোহাই দি কংগ্রেছে এ আই ইউ ডি এফ এতিয়া অসমত অস্তিত্বহীন বুলি ৰাজনৈতিক মন্তব্য কৰি থাকিলেও সেই দলটোক কংগ্রেছত চামিল হ’বলৈ জনোৱা আহ্বানে সেই ছবিখনেই পৰিস্ফুট কৰি তুলিছে৷ আনকি যোৱা লোকসভা নির্বাচনত গোপন মিত্রতা, বিধানসভা নির্বাচনত মুকলি মিত্রতা কৰাৰ পৰিৱর্তে এইবাৰ কংগ্রেছে এ আই ইউ ডি এফৰ নেতাসকলক কংগ্রেছত চামিল কৰাই বৰপীৰা পাৰি দিবলৈ সাজু হোৱা ঘটনাই এ আই ইউ ডি এফক বাদ দি কংগ্রেছে যে অসমত উত্থানৰ কথা চিন্তা কৰিব নোৱাৰে, সেয়াও জলজল–পটপট হৈ পৰিছে৷
এই প্রসংগতে উল্লেখনীয় এয়ে যে প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি সাংসদ ৰিপুণ বৰাকে ধৰি কংগ্রেছৰ এটা অংশই এতিয়াও এ আই ইউ ডি এফৰ হাতত হাত ধৰি দলটো আগুৱাই যোৱাৰ মুকলি পোষকতা কৰি আহিছে৷ ইপিনে আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই উপ–নির্বাচনৰ শেহতীয়া ফলাফলক লৈ কংগ্রেছ হাইকমাণ্ডৰ লগতে ৰাজ্যৰ কংগ্রেছ নেতৃত্বও চিন্তিত বুলি মন্তব্য কৰে৷ সভাপতি বৰাই কয় যে উজনি অসমত উপ–নির্বাচনত কংগ্রেছে আশা কৰাতকৈ ফলাফল অধিক বেয়া হৈছে৷ অহা ১৪ নৱেম্বৰৰ পৰা কংগ্রেছে কৰিবলগীয়া ৭খন জিলাৰ পদযাত্রাত উজনি অসমত অধিক গুৰুত্ব দিয়া হ’ব৷ সেইদৰে কংগ্রেছৰ ১৫গৰাকীকৈ বিধায়ক বিজেপিত যোগদান কৰিব বুলি চলা প্রচাৰ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে এয়া অপপ্রচাৰ৷ বিজেপিয়ে এই অপপ্রচাৰ চলাইছে৷ কংগ্রেছৰ কোনো বিধায়কে বিজেপিত যোগদান নকৰে বুলি তেওঁ আশাবাদী৷ বিজেপিয়ে জ্বলন্ত সমস্যাসমূহৰ ইছ্যুৰ পৰা জনসাধাৰণৰ মন আন দিশে নিয়াৰ বাবেই তেনে অপপ্রচাৰ চলাইছে৷ প্রদেশ কংগ্রেছৰ নতুন কার্যনির্বাহ কমিটীখন অহা ১০–১৫ দিনৰ ভিতৰত গঠন হ’ব বুলি ব্যক্ত কৰি তেওঁ কয় যে দলৰ শীর্ষ নেতাৰ সৈতে তেওঁ এই বিষয়ে আলোচনা কৰিছে৷ নতুন কমিটীত দলৰ নতুন–পুৰণিৰ সংমিশ্রণ ঘটিব বুলিও তেওঁ ব্যক্ত কৰে৷ ইফালে বিৰোধী দলপতি দেৱব্রত শইকীয়াই গুৱাহাটীত সাংবাদিকৰ আগত বর্তমান কাম কৰিবলৈ চৰকাৰৰ হাতত ধন নাই বুলি উল্লেখ কৰি কয় যে বিধায়ক পুঁজিৰ ধনো কর্তন কৰা হৈছে৷ এক কোটি টকাৰ বিধায়ক পুঁজিৰ পৰিৱর্তে এইবাৰ ৮০ লাখ টকাহে দিব৷ সেইদৰে সুহূদ আঁচনিৰ ধনো ইতিমধ্যে কর্তন কৰা হৈছে৷ ৰাজ্যখনত থাকি বিধায়ক–মন্ত্রীসকল্ কৰিবলৈ কাম একো নাই বাবেই তেওঁলোকৰ মন ভাল লগাবলৈ বিজেপিৰ মন্ত্রী–বিধায়কক সাগৰৰ পাৰৰ বতাহ খুৱাবলৈ মুম্বাইলৈ ফুৰাবলৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলিও তেওঁ কটাক্ষ কৰে৷

No comments:

Post a Comment

SPONSORED