‘সংবাদ প্ৰহৰী’ কবিতা আবৃত্তি প্ৰতিযোগিতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 11, 2021

‘সংবাদ প্ৰহৰী’ কবিতা আবৃত্তি প্ৰতিযোগিতা

স্ব-ৰচিত কবিতা প্ৰতিযোগিতাই বিশেষ সহাঁৰি লাভ কৰাৰ পিছত এইবাৰ ‘সংবাদ প্ৰহৰী’ৰ সাহিত্য শিতানে আগবঢ়াইছে- *কবিতা আবৃত্তি প্ৰতিযোগিতা*


প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ
========================

১৷ এগৰাকী প্ৰতিযোগীয়ে এটি কবিতা আবৃত্তিৰ ভিডিঅ’ প্ৰস্তুত কৰি প্ৰেৰণ কৰিব পাৰিব৷ (আবৃত্তিকাৰ হে প্ৰতিযোগী হিচাপে বিবেচিত হ’ব)

২৷ কবিতাটি অসমীয়া ভাষাৰ হ’ব লাগিব আৰু কবিতাসমূহৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্তু বাছি দিয়া হোৱা নাই৷

৩৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি উন্নতমানৰ হোৱাৰ লগতে ইউনিক মিউজিক আৰু ফুটেজ তথা দৃশ্য (Unique Music & Footage) ব্যৱহাৰ কৰিব লাগিব৷ (কপি কৰা মিউজিক/ফুটেজ হলে বা কপিৰাইট (Copyright Claim) বুলি ধৰা পৰিলে প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব)

৪৷ প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিটিঅ’টি পূৰ্বতে ফেচবুক বা ইউ টিউবত আপলোড কৰা হ’লেও প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব৷ অৰ্থাৎ প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিটিঅ’টি নতুনকৈ ভিডিঅ’ প্ৰস্তুত কৰিব লাগিব৷

৫৷ আবৃত্তি কৰি ভিডিঅ’টোত কোনো ল’গ’ বা প্ৰতীক ব্যৱহাৰ নকৰিব৷ সেইখিনি আমাৰ ফালৰ পৰা সম্পাদনা কৰা হ’ব৷

৬৷ কবিতা আবৃত্তিৰ ভিটিঅ’টি প্ৰস্তুত কৰোতে আৰম্ভণিতেই কবি আৰু আবৃত্তিকাৰৰ নাম উল্লেখ কৰা বাঞ্ছনীয়৷ (ফটোসহ প্ৰকাশ কৰিব পাৰিলে উত্তম)

৭৷ কবিতা আবৃত্তিৰ ভিটিঅ’টি প্ৰতিযোগীসকলে ‘প্ৰতিযোগিতাৰ বাবে’ বুলি উল্লেখ কৰি কবিতাৰ সৈতে নিজৰ নাম, ঠিকনা, ফোন/হোৱাটচএপ নম্বৰ আৰু ফটো আমাৰ অফিচিয়েল Whatsapp No.+917578801008 নাইবা ই-মেইল : sangbadprahari@gmail.comত প্ৰেৰণ কৰিব লাগিব৷

৮৷ প্ৰতিযোগীসকলৰ বাবে বয়সৰ কোনো সময়সীমা নাথাকিব অৰ্থাৎ সকলো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷

৯ | কবিতা প্ৰেৰণৰ শেষ তাৰিখ- ২৫ ডিচেম্বৰ, ২০২১৷
প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিডিঅ’টি ১৫ ডিচেম্বৰ, ২০২১ তাৰিখৰ পৰা ২৫ ডিচেম্বৰ, ২০২১ তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ’ব৷

১০৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি আমাৰ Official Facebook Page (www.facebook.com/sangbadprahari) আৰু YouTube Channel (https://www.youtube.com/c/SangbadPraharitv)ত প্ৰকাশ কৰা হ’ব৷ (আমাৰ ফেচবুক পেজটো Like বা Follow কৰাৰ লগতে You Tube Channelটো Subscribe কৰিবলৈ নাপাহৰিব৷)

১১ | প্ৰতিযোগীসকলক ভোটৰ জৰিয়তে শীৰ্ষ তিনিগৰাকীক বিজয়ী বাছনি কৰা হ'ব।

১২৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি প্ৰকাশ হোৱাৰ পিছত ১৫ জানুৱাৰী, ২০২২ তাৰিখৰ সন্ধিয়া ৬ বজালৈকে লাভ কৰা ভিউজ, লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ ভিওিত পইণ্ট গণনা কৰা হ'ব ।

১৩৷ পইণ্টৰ তালিকা ‌তলত দিয়া ‌ধৰণেৰে হিচাপ কৰা হ'ব:-
You Tubeত-
  • ১টা Like = ১ পইণ্ট
  • ১টা‌ Comment = ২ পইণ্ট
  • ১টা Views = ৩ পইণ্ট
Facebookত-
  • ১টা Like = ১ পইণ্ট
  • ১টা‌ Comment = ২ পইণ্ট
  • ১টা Views = ২ পইণ্ট
(Replyবোৰ Comment বুলি ধৰা নহ’ব)

১৪৷ বিচাৰকৰ ফালৰ পৰা থাকিব মুঠ ৫০ পইণ্ট৷

১৫৷ স্ব-ৰচিত কবিতা পাঠ কৰিলে অতিৰিক্ত ১০০ পইণ্ট দিয়া হ’ব৷

১৬৷ ফলাফলৰ বাবে You Tube আৰু Facebookৰ Views, Like, আৰু Comment সমূহৰ পইণ্ট একগোট কৰি সৰ্বমুঠ পইণ্ট হিচাপ কৰা হ'ব।

১৭৷ প্ৰতিযোগিতাৰ ফলাফল ২০ জানুৱাৰী/২০২২ তাৰিখে আমাৰ Official Facebook Page আৰু আমাৰ ৱেবছাইট www.sangbadprahari.comত প্ৰকাশ কৰা হ'ব।

১৮৷ বিজয়ী সকলক ‘সংবাদ প্ৰহৰী’ৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত পুৰস্কাৰৰ লগতে প্ৰতিগৰাকী প্ৰতিযোগীক অংশগ্ৰহণকাৰীৰ মানপত্ৰ প্ৰদান কৰা হ’ব ৷

বি: দ্ৰ:: আয়োজক আৰু বিচাৰকৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত বুলি গন্য কৰা হব।

No comments:

Post a Comment

SPONSORED