বুধবাৰৰ পৰা ৰাজ্যজুৰি কঠোৰ হৈছে পৰিবহণ বিভাগ৷ ছিট বেল্ট পৰিধান নকৰা বাহন চালকৰ লগতে চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ বিৰুদ্ধে বুধবাৰৰ পৰা অভিযান আৰম্ভ হৈছে৷ গুৱাহাটী মহানগৰীতো পৰিবহণ বিভাগে ব্যাপক ৰূপত অভিযান চলায়৷ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰাসকলক পৰিবহণ বিভাগৰ তৰফৰ পৰা ৰঙা গোলাপ ফুল দি আদৰণি জনোৱাৰ বিপৰীতে হেলমেট অবিহনে আৰোহী উঠাই অনা মটৰচাইকেল–স্কুটী আদিক ১,০০০ টকা পর্যন্ত জৰিমনা বিহে৷ মূলতঃ দুর্ঘটনাত পতিত হ’লেও চালক আৰু আৰোহীৰ সুৰক্ষাৰ বাবেই আজিৰে পৰা উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে৷ পৰিবহণ বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, আজিৰে পৰা আৰম্ভ হোৱা এই অভিযান অনাগত দিনত অধিক তীব্রতৰ হ’ব৷ গুৱাহাটী মহানগৰীৰ লগতে প্রতিখন চহৰ, জিলাত এই অভিযান চলিব৷ বাৰম্বাৰ এই আইন অমান্যকাৰীৰ ড্রাইভিং লাইচেঞ্চ বাতিলৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি সূত্রটোৱে জানিবলৈ দিছে৷
Responsive Ads Here
Thursday, December 02, 2021

বাইক চালক আৰোহীৰ হেলমেট পৰিধান বাধ্যতামূলক
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment