বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 21, 2022

বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন

গুৱাহাটী : ৰাজ্যখনৰ আগশাৰীৰ সাহিত্য সংগঠন লেখিকা সংস্থা, অসমৰ অন্তৰ্গত বৃহত্তৰ দিছপুৰ শাখা লেখিকা সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন খন ২০ ফেব্ৰুৱাৰী তাৰিখে দিনজোৰা কাৰ্য্যসূচীৰে লাষ্টগেটস্থিত লোকনিৰ্মান বিভাগ প্ৰেক্ষাগৃহ (PWD conference Hall)ত অনুষ্ঠিত কৰা হয়। 


ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলন কৰে শাখাৰ সভানেত্ৰী ডা:মাকন শৰ্মাই। স্মৃতি তৰ্পণ কৰে লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাই আৰু মুকলি সভা শাখাৰ সদস্যা সকলৰ উদ্বোধনী গীতেৰে উদ্বোধন কৰা হয়। প্ৰতিভা বৰা সম্পাদিত শাখাৰ মূখপত্ৰ "উত্তৰণ" উণ্মোচন কৰে লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি ভাষণ আগবঢ়াই লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভানেত্ৰী তথা মূখ্য উপদেষ্টা, সাহিত্য অকাডেমি বঁটা প্ৰাপক হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে। 

সন্মানিত অতিথি হিচাপে উপস্থিত থাকে মীৰা ঠাকুৰ, বিশিষ্ট কবি তথা সন্মানীয় সদস্যা লেখিকা সংস্থা অসম। কেন্দ্ৰীয় কমিটিৰ প্ৰধান সম্পাদিকা বিজয়া দেৱ দাস, কোষাধ্যক্ষা জুৰি বৰুৱা,পত্ৰিকা সম্পাদিকা বিন্দু ডেকা চৌধুৰী, সহকাৰী সম্পাদিকা ত্ৰিবেণী মজুমদাৰ, সাংগঠনিক সম্পাদিকা অঞ্জলিকা গোস্বামী চৌধুৰী,মৃণালী ভৰালী, সহকাৰী পত্ৰিকা সম্পাদিকা উৎপলা বৰাকে আদি কৰি গুৱাহাটীস্থ শাখা সমূহৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।

আঞ্জুম আৰা হুছেইনে স্বৰচিত কবিতা পাঠ আৰু নিভা শৰ্মাই গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰি সভাখন জীপাল কৰি তোলে। সভানেত্ৰীৰ ভাষনৰ পাছতেই শলাগৰ শৰাই আগবঢ়ায় অঞ্জনা দাস হাজৰিকাই।এই অধিবেশনতেই পুৰণা কমিটিখনকে বাহাল ৰখা বুলি সম্পাদিকা নিজৰা জন্নতে জানিবলৈ দিয়ে।

No comments:

Post a Comment

SPONSORED