অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, April 01, 2022

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদ

ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ


গুৱাহাটী : পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, বিদু্যৎ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাই থকাৰ সময়তে সততে দক্ষ বুলি জনাজাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৫৬ ইঞ্চিৰ বুকুৰ গৰাকী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কালতে দেশ তথা ৰাজ্যবাসীয়ে সন্মুখীন হ’বলগীয়া হৈছে ইতিহাসৰেই আটাইতকৈ এক সংকটপূৰ্ণ আৰু কঠিন সময়ত৷ কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন এই মূল্যবৃদ্ধি ৰোধ কৰাত চূড়ান্তৰূপে ব্যৰ্থ হৈছে৷ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনৰ মন্ত্ৰীবৰ্গই এনে সময়তে প্ৰকাশ কৰি অহা কাণ্ডজ্ঞানহীন মন্তব্যই সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷ সেয়ে আজি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আৰু বিজেপি চৰকাৰখনৰ অকৰ্মণ্যতাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ 

এক প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুবৰপাত্ৰ গোহাঁই, ৰাতুল হুছেইন আৰু সাধাৰণ সম্পাদকদ্বয় বিদু্যৎ শইকীয়া, বিতু সোনোৱাল লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, মানস কোঁৱৰ কাৰ্যকৰী সভাপতি পাপু দত্ত, কাশ্যপ নন্দন কলিতা, ৰাহুল চৌধুৰী আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, ৰাহুল চেত্ৰীয়ে কয় যে অসমৰ জনতাৰ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য যি অভূতপূবৰ্ হাৰত ঊদ্ধৰ্গামী হৈছে সেই মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ পৰা মধ্যশ্ৰেণীলৈকে সকলোৰে পৰিয়াল চলোৱাটো অতি কঠিন হৈ পৰিছে৷ এই মূল্যবৃদ্ধিয়ে আমাক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰিছে আৰু কোনোপধ্যে চলিব নোৱাৰা এক অৱস্থাত উপনীত কৰাইছে৷ কিন্তু ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দেশৰ জনতাৰ দুখ-দুৰ্দশাৰ প্ৰতি কোনো কানসাৰ নাই৷ 

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখন মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত যিমান সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিছিল তাৰ পৰিৱৰ্তে এই চৰকাৰখন কেৱল নিজৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিধায়ক কিনা-বেচাতহে চৰকাৰখনে সক্ৰিয়তা প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছো৷ সংগঠন দুটাৰ নেতৃত্বত আজি অসমৰ বিভিন্ন জিলা, আঞ্চলিক আৰু মহকুমা সমিতিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ “নৰেন্দ্ৰ মোডী হায় হয়’’, “অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক”, “পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক”, “ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ্ৰাস কৰক”, “বিদু্যতৰ মাচুল হ্ৰাস কৰক”, “৬০ টকা পেট্ৰ’ল থকা বেয়া দিন আমাক ঘূৰাই দি ১০১ টকা পেট্ৰ’লৰ আচ্চে দিন আপুনি ঘূৰাই লওক”,“হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ” আদি বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ কপাই তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে৷ 

তিনিচুকীয়া জিলাৰ থানা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি মানৱ চেতিয়া, সাংগঠনিক সম্পাদক ফটিক মৰাণৰ নেতৃত্বত; মাৰ্ঘেৰিটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পাপু দত্ত আৰু আঞ্চলিকৰ সভাপতি নিপম গগৈৰ নেতৃত্বত; শিৱসাগৰ জিলাৰ দলমুখ চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা, জিলা সম্পাদক প্ৰণয় হাজৰিকা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতিদ্বয় পৰাশৰ কোঁৱৰ, পল্লৱ শইকীয়াৰ নেতৃত্বত; গোলাঘাট জিলাৰ মৰঙিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক পিণ্টু গগৈৰ নেতৃত্বত; লখিমপুৰ জিলাৰ হাৰমতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰা, ৰেজ্জাক আলি উপসভাপতি দেবানন্দ বৰা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা আহ৩ায়ক ৱাছিম আক্ৰমৰ নেতৃত্বত আৰু বঙালমৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ছাহানুৰ ইছলামৰ নেতৃত্বত; ধেমাজি জিলাৰ চিলাপথাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভবেন হালৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞা,¸ চিলাপথাৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক হিতেশ ডেকাৰ নেতৃত্বত; নলবাৰী জিলা সদৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰৌফ আলি আৰু কাৰ্যকৰী সভাপতি দিলীপ ডেকাৰ নেতৃত্বত; বৰপেটা জিলাৰ মন্দিয়াত কৃষক মুক্তিৰ সভাপতি কাজি নাজিমুল হক আৰু সাধাৰণ সম্পাদক আবু ছুফিয়ান, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আল আমিনৰ নেতৃত্বত; কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ কাৰ্যকৰী সভাপতি আজমান আলি আৰু ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক বুলবুল খানৰ নেতৃত্বত; ধুবুৰী জিলাৰ চিৰাকোটাত ছাত্ৰ মুক্তিৰ সভাপতি দিলৱাৰ হুছেইনৰ নেতৃত্বত; নগাঁও জিলাৰ বেবেজিয়াত কৃষক মুক্তিৰ জিলা সভাপতি জিতেন বৰা আৰু ৰহা মহকুমাৰ সম্পাদক কৃষ্ণ দাসৰ নেতৃত্বত; গোৱালপাৰা জিলাত গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জাকিৰ হুছেইন আৰু সম্পাদক আহমেদ আলি জিন্নাৰ নেতৃত্বত; মৰিগাঁও জিলা সদৰত কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱজিৎ পাটৰ আৰু জিলাৰ সভাপতি যতীন দাস, উপসভাপতি গোলাপ পাটৰৰ নেতৃত্বত; বিশ্বনাথ জিলাৰ বিহালীত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বণিয়াৰ নেতৃত্বত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক সংগঠন আৰু ছাত্ৰ সংগঠন দুটাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ চৰম ব্যৰ্থতা৷ কঠোৰ হাতেৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি জনতাক এই মহাসংকটৰ পৰা বচাবলৈ দাবী উত্থাপন কৰে সংগঠন দুটাই৷ যেতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ নহ’ব তেতিয়ালৈকে স্তৰে স্তৰে আন্দোলনৰ কাৰ্যসূচী আগবI.াই নিবলৈ বদ্ধপৰিকৰ হৈ থাকিব বুলিও ঘোষণা কৰে সংগঠন দুটাই৷

No comments:

Post a Comment

SPONSORED