Road accident, one killed : বৰপেটাৰোডত পথ দুৰ্ঘটনাত এজন নিহত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 13, 2022

Road accident, one killed : বৰপেটাৰোডত পথ দুৰ্ঘটনাত এজন নিহত



নজৰুল আলী আহমেদ, বৰপেটাৰোড :
আজি ৰাতিপুৱা ৮ বজাত বৰপেটাৰোডৰ কলহভাঙ্গাৰ চাইনবোৰ্ডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাতে এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত আব্দুল মালেক (৫৫) নামৰ এজন লোকৰ থিতাতে নিহত হয় ৷ তেখেতৰ প্ৰকৃত ঘৰ গোৱৰ্ধনাৰ (তেলিপাৰা)ত যদিও কৰ্মসূত্ৰে বৰপেটাৰোডৰ কলহভাঙ্গাত ভাড়াতীয়া হিচাবে আছিল ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে লোকজনে উক্ত স্থানত থকা অস্থায়ী ডিভাইডাৰ এটি চাইকেলেৰে পাৰ হবলৈ ধৰোতে এখনি ট্ৰাকে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় ৷ তেখেত পেছাত এজন গাড়ী চালক আছিল ৷
আনহাতে, অতি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোত অস্থায়ী ডিভাইডাৰ থকাৰ বাবেই সততে এনে দুৰ্ঘটনাত সংঘটিত হৈ থকা বুলি ৰাইজে অভিযোগ তুলি অতি শীঘ্ৰে সেয়া বন্ধ কৰিবলৈ দাবী জনাইছে ৷

No comments:

Post a Comment

SPONSORED