চাৰিওফালে প্ৰতিবাদৰ হিংসা বন্ধ কৰিবলৈ সেনাবাহিনী ক্ষমতা লাভ কৰাৰ পিছত, শ্ৰীলংকাৰ সেনাই দৃঢ় হাতেৰে প্ৰতিবাদ দমন কৰাত সক্ৰিয় হৈ পৰিছে। মঙলবাৰে সন্ধিয়া দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে সশস্ত্ৰ বাহিনীক হিংসা প্ৰতিৰোধ কৰিবলৈ "দেখামাত্ৰই গুলী চালনা" কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে সমগ্ৰ শ্ৰীলংকাত জাৰি কৰা জৰুৰীকালীন অৱস্থা অহা ১১ মে’ লৈ বৃদ্ধি কৰা হৈছে।
Responsive Ads Here
Wednesday, May 11, 2022

Sri Lanka Crisis: শ্ৰীলংকাত দেখামাত্ৰই গুলীওয়াৰ নিৰ্দেশ৷
নতুনকৈ পদত্যাগ কৰা প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষৰ পূব উপকূলৰ
ত্ৰিঙ্কোমালী নৌ সেনা ঘাটিত আশ্ৰয় লোৱা বুলি খবৰ বিয়পি পৰাৰ পিছতেই প্ৰতিবাদ আৰম্ভ
হয়। দেশখনৰ সংবাদ মাধ্যমৰ মতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে নৌ সেনা ঘাটিটো ঘেৰি ধৰিছে।
এনে পৰিস্থিতিত দেখামাত্ৰকে গুলীয়াই দিয়াৰ নিৰ্দেশৰ বাবে দেশখনৰ নিৰিহ জনতাৰ মৃত্যুৰ
সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। দৰাচলতে, যোৱা ৪৮ ঘণ্টাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত,
কিছুমান ৰাজনৈতিক পৰ্যবেক্ষকে শ্ৰীলংকাত আন এক গৃহযুদ্ধৰ সম্ভাৱনা দেখিছে।
মঙলবাৰে ৰাতিপুৱা প্ৰতিবাদকাৰীসকলে
মহিন্দাৰ চৰকাৰী বাসভৱন ঘেৰি ধৰিছিল। সেনাৰ এজন শীৰ্ষ বিষয়াই এএফপি সংবাদ সংস্থাক
জনায় যে প্ৰতিবাদকাৰীসকলে বিদায়ী প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ গেট ভাঙিবলৈ চেষ্টা কৰিছিল।
তেওঁলোকে কেইবাখনো গাড়ীত জুই লগাইছিল। কিন্তু তাৰ আগতে, প্ৰাক্তন প্ৰধানমন্ত্ৰীক এক
সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছিল।
সোমবাৰে শ্ৰীলংকাত
শাসনৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত পাঁচজন লোক নিহত হৈছিল। ২০০ ৰো অধিক লোক
আহত হৈছিল। মৃতসকলৰ ভিতৰত এজন সংসদ সদস্য আছিল। প্ৰধানমন্ত্ৰীয়ে এনে পৰিস্থিতি
নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে সোমবাৰে পদত্যাগ কৰিছিল। শ্ৰীলংকাই যোৱা কেইমাহমানধৰি
অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছিল যে মহিন্দা আৰু তেওঁৰ
ভাতৃ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজা তেওঁৰ বাবে দায়বদ্ধ। মঙলবাৰে, শ্ৰীলংকা
চৰকাৰে সামগ্ৰিক পৰিস্থিতিমূল্যায়ন কৰাৰ পিছত সেনা আৰু আৰক্ষীক ক্ষমতা হস্তান্তৰ কৰাৰ
সিদ্ধান্ত লয়।
Tags
# আন্তঃৰাষ্ট্ৰীয়
Share This

About Sangbad Prahari
আন্তঃৰাষ্ট্ৰীয়
Labels:
আন্তঃৰাষ্ট্ৰীয়
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment