বৰপেটাৰোডকে আদি কৰি দাতি কাষৰীয়া অঞ্চলত বানৰ তাণ্ডৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 16, 2022

বৰপেটাৰোডকে আদি কৰি দাতি কাষৰীয়া অঞ্চলত বানৰ তাণ্ডৱ

 বৰপেটাৰোডকে আদি কৰি দাতি কাষৰীয়া অঞ্চলত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷

আজি পুৱাৰ ভাগতে বানে খহাই নিলে মানাহ অভয়াৰণ্যলৈ যোৱা মুখ্য পথ। বাক্সাৰ কালপানীত এনেদৰে ভাঙি গল মুখ্য পথ।



বিভাগীয় কৰ্তৃপক্ষই আগতিয়াকৈ কোনো ধৰণৰ  ব্যৱস্থা নেলোৱাৰ বাবেই পথচোৱা এনেদৰে চিঙি গল বুলি ৰাইজে অভিযোগ উত্থাপন কৰে

আনফালে বাহবাৰী ফাতেমাবাদ চাহ বাগিচাস্থিত মাংগালাইন আৰু চুকদেউ লাইন নামৰ আদিবাসী গাওঁ দুখনত এতিয়া ঘৰে ঘৰে পানী সোমাই পৰাত শ্ৰমিক সকলৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে

ভূক্তভোগী শ্ৰমিকসকলক বাহবাৰী আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ইছাউ হেমৰোমৰ লগতে আছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানচুখ চাংখাৰিকাৰ তৎপৰতাত ফাতেমাবাদ প্ৰাথমিক বিদ্যালয়ত আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়ে উক্ত আশ্ৰয় শিৱিৰত প্ৰায় দুশতকৈ বেছি পৰিয়ালে বৰ্তমান পৰ্যন্ত আশ্ৰয় গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে

উক্ত আশ্ৰয় শিবিৰত চৰকাৰী ভাৱে কিছু সামগ্ৰী প্ৰদান কৰিছে যদিও সেয়া উক্ত গাওঁ দুখ পৰা আশ্ৰয় লোৱা পৰিয়ালৰ বাবে পৰ্যাপ্ত হোৱা নাই বুলি অভিযোগ উঠিছে

ইফালে গোৱৰ্ধনাৰ খাগ্ৰাবাৰীত বেঁকী নৈৰ উলোটা খুন্দাত বৃহত ক্ষতি হোৱা পৰিলক্ষিত হৈছেএই উল্টা খুন্দাৰ ফলত শ শ বিঘা কৃষি ভূমি বেঁকীৰ বুকুত জাহ গৈছে যদিও চৰকাৰী ভাৱে ইয়াৰ নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

গোৱৰ্ধনাৰ উত্তৰ ছাফাকামাৰ গাওঁৰ বিভিন্ন অংশ বানৰ কৱলত পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জাখলি বিলৰ পাথাৰ, মৈৰাঝাৰ, আইখাৰী, অটাগাওঁ, বংশীবাৰী, বুনমাজা, ভাটৌপুখুৰী আদি গাওঁ প্লাবিত হৈ পৰিছে৷ ধাৰাষাৰ বৰষুণৰ ফলত বৰপেটা জিলাৰ অন্তৰ্গত বিলাসীপাৰা, গান্ধাৰীপাৰা আদি গাওঁসমূহৰ ঘৰ-দোৱাৰ বৰ্তমান পানীত ডুব গৈছে বুলি জানিব পৰা গৈছে৷ ফলত কৃষি প্ৰধান অঞ্চলটোৰ শ শ বিঘা শাক পাচলি, ইৰি ধান, পুখুৰী আদি পানীত বুৰ গৈছে৷

 

ইফালে নামমি অসমৰ প্ৰাণকেন্দ্ৰ বৰপেটাৰোডৰ পাইকাৰী শাক বাচলি বজাৰ এতিয়া পানীৰ তলত। তাৰ সমান্তৰালকৈ বৰপেটাৰোডৰ বহু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ভিতৰত পানী সোমাই পৰাত বহু ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷ নেৰা নেপেৰা বহষুণ আৰু কৃত্ৰিম বানৰ বাবে বৰপেটাৰোড চহৰৰ দোকান পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদি স্তব্ধ হৈ পৰিছে।

 

বৰপেটাৰোডৰ পৰা নজৰুল আলী আহমেদৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED