Dhumar Pather Gaon Panchayat - ধুমাৰ পথাৰ গাঁও পঞ্চায়তত ব্যাপক কেলেংকাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 4, 2022

Dhumar Pather Gaon Panchayat - ধুমাৰ পথাৰ গাঁও পঞ্চায়তত ব্যাপক কেলেংকাৰী

  • ধুমাৰ পথাৰ গাঁও পঞ্চায়তত ব্যাপক কেলেংকাৰী
  • কংগ্ৰেছী সভানেত্ৰী সূৰ্যভানুৰ নেতৃত্বত চলিছে লুণ্ঠনৰাজ
  • আৰটিআইৰ জৰিয়তে পোহৰলৈ আহিল সমগ্ৰ তথা
  • চতুৰ্থদশ বিত্তীয় আয়োগ, এমজিএনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, ক’ভি়ড সাহায্যৰ আচনিত সংঘটিত কৰিছে বৃহৎ কেলেংকাৰী

কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা পঞ্চায়তটোৰ সভানেত্ৰী সূৰ্য ভানুৱে পঞ্চায়তটোৰ একাংশ ৱাৰ্ড সদস্য-সদস্যাক লগত লৈ ভৱানীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তা গৰাকীৰ সহযোগত প্ৰায় প্ৰতিটো আঁচনিতে সংঘটিত কৰিছে পৰ্বতসম দুৰ্নীতি৷ আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰূপায়ন কৰা চতুৰ্থদশ বিত্তীয় আয়োগৰ প্ৰতিটো কামৰ বিপৰীতে সম্পূৰ্ণ ধন মোকলাই আনিছে যদিও কাৰ্যক্ষেত্ৰত অৰ্ধ শতাংশও ধন ব্যয় কৰা নাই৷ চতুৰ্থদশ বিত্তীয় আয়োগৰ আঁচনিসমূহত নামমাত্ৰ ধন ব্যয় কৰি খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তাক মেনেজ কৰি বাকী সমূদায় ধন আত্মসাৎ কৰে সভানেত্ৰী আৰু পঞ্চায়তটোৰ নিৰ্বাচিত একাংশ সদস্য-সদস্যাই৷ লাভ কৰা তথ্য অনুসৰি–

চতুৰ্থদশ বিত্তীয় আয়োগৰ অধীনত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিত লাভ কৰে ১৮,৪০,২২০ টকা, ২০১৬-১৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তিত লাভ কৰে ১৮,৪১,৩৮৯ টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিত লাভ কৰে ২১,২৮,২৪২ টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তিত লাভ কৰে ২২,৪০,২৫৫ টকা,  ২০১৮-১৯ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিত লাভ কৰে ২৩,৪৯,৯৭৮ টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তিত লাভ কৰে ২৪,৬১,৯৯১ টকা, ২০১৯-২০ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিত লাভ কৰে ৩৩,২৬,৬৮৬ টকা, ২০১৯-২০ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তিত লাভ কৰে ৩৩,২৬,৬৮৬ টকা৷

এয়া ধুমাৰ পথাৰ আৰক্ষী চকীৰ চৌহদত নিৰ্মাণ কৰা ১,৪০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চাইকেল ষ্টেণ্ড৷ আপুনি মানি লবনে যে এই চাইকেল ষ্টেণ্ড নিৰ্মাণ কৰোতে ব্যয় কৰা হৈছে ১,৪০,০০০ টকা৷ একেদৰে মন কৰক এই পথছোৱালৈ৷ আচনিৰ প্ৰাককলন অনুসৰি দক্ষিণ চেংলিমাৰীৰ এই পথছোৱা নিৰ্মাণ কৰাৰ বাবে ব্যায় কৰা হৈছে পাঁচ লাখ টকা৷ চাপৰ, ঠেক তথা কম বহলকৈ নামমাত্ৰ মাটি আৰু শিল-বালি পেলাই মোকলাইছে পাঁচ লাখ টকা৷

এয়া মাত্ৰ দুটা উদাহৰণহে৷ পঞ্চায়তটোত এনেদৰেই চলি আছে ভয়ংকৰ দুৰ্নীতি৷ প্ৰয়োজনত প্ৰতিটো কামৰ তন্নতন্নকৈ খাতিয়ান আমি সংবাদ প্ৰহৰীয়ে দাঙি ধৰিম৷ আজিৰ এই প্ৰতিবেদনত ১১৫ নং ধুমাৰ পথাৰ গাঁও পঞ্চায়তত কেৱল চতুৰ্থদশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ন হোৱা দুটা কামৰ নমুনাহে দাঙি ধৰিলো৷ পৰৱৰ্তী প্ৰতিবেদনত এমজিএনৰেগা আৰু ক’ভিড সাহায্যৰ কেলেংকাৰী সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰিম৷

No comments:

Post a Comment

SPONSORED