নৱজিত ভূঞা, জামুগুৰিহাটঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ পুৱ মণ্ডলৰ মহাবিদ্যালয় সমূহৰ সাংস্কৃতিক আৰু সাহিত্য বিভাগৰ এলানি প্ৰতিযোগিতা জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব বুলি মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড০ অজিত হাজৰিকাই জানিবলৈ দিছে । অহা ২১, ২২ আৰু ২৩ চেপ্তেম্বৰ, ২০২২ তাৰিখে এক বৰ্ণাঢ্য কাৰ্যক্ৰণিকাৰে আয়োজন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমূহৰ ছাত্ৰ সমাজৰ এই প্ৰতিযোগিতা মূলক অনুষ্ঠানত পূৱ মণ্ডলৰ প্ৰায় সাত শতাধিক ছাত্ৰ-ছাত্ৰী সাংস্কৃতিক বিভাগৰ বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব।
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ প্ৰথম দিনা বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। সংগীত, নৃত্য, সাহিত্য, নাটক, সুকুমাৰ কলা আৰু তৰ্ক প্ৰতিযোগতা বিভাগৰ বহু কেইটা গুৰুত্বপূৰ্ণ শাখাত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতা সমূহ সুচাৰুৰূপে সমাপন কৰিবৰ বাবে চতিয়া সমষ্টিৰ বিধায়ক তথা পৰিচালনা সমিতিৰ আমন্ত্ৰিত সদস্য পদ্ম হাজৰিকাক সভাপতি আৰু পৰিচালনা সমিতিৰ সভাপতি ড০ বিপুল কুমাৰ বৰাক কাৰ্যকৰী সভাপতি হিচাপে লৈ বহুকেইখন উপ সমিতি গঠন কৰি প্ৰস্তুতি চলাই থকা হৈছে বুলিও ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে এই সংবাদদাতাক জানিবলৈ দিছে।
No comments:
Post a Comment