চাপৰ বজাৰত নলা নিৰ্মাণত ভয়ংকৰ দূৰ্নীতি অভিযোগ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 29, 2022

চাপৰ বজাৰত নলা নিৰ্মাণত ভয়ংকৰ দূৰ্নীতি অভিযোগ


  • চাপৰ বজাৰত নলা নিৰ্মাণত ভয়ংকৰ দূৰ্নীতি অভিযোগ
  • নামমাত্ৰ মেৰামতি কৰিয়েই কাম সম্পূৰ্ণ কৰাৰ যো-জা ঠিকাদাৰৰ প্ৰশান্ত দেৰ
  • আঁচনিৰ নামত ধন ঘটাৰ অভিযোগ ঠিকাদাৰ আৰু চাপৰ উপ-পৌৰপতিৰ বিৰুদ্ধে

ধুবুৰী জিলাৰ চাপৰ পৌৰ সভাৰ পঞ্চদশ বিত্তিয় আয়োগৰ ৯ লাখ আবন্টিত ধনেৰে চাপৰ বজাৰৰ মাজমজিয়াত এটা নলা নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ উঠিছে। নতুনকৈ নলা নিৰ্মাণৰ বাবে আবন্টিত হৈছিল অসম চৰকাৰৰ পঞ্চদশ বিত্তিয় আয়োগৰ ধন। কিন্তু ঠিকাদাৰ আৰু চাপৰ পৌৰ সভাৰ উপ-পৌৰপতি গৰাকী নিজ খেয়াল খুচিমতে নতুনকৈ নলা নিৰ্মাণ কৰাৰ বিপৰীতে পূৰ্বতে থকা নলাটো কোনোমতে মেৰামতি কৰি অধিকাংশ ধন আত্মসাৎ কৰাৰ কু অভিসন্ধিৰ অভিযোগ উত্থাপিত হৈছে। চতুৰ ঠিকাদাৰ গৰাকীয়ে পূৰ্বতে থকা নলাটোৰ ওপৰত নতুনকৈ ইটা দি কাম কৰা পৰিলক্ষিত হৈছে। ইপিনে নিম্ন মানদণ্ডৰ কাম প্ৰত্যক্ষ কৰি সচেতন ৰাইজে চাপৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা ৰাজহ চক্ৰ বিষয়া কবিতা ডেকাক অভিযোগ কৰে। অভিযোগৰ ভিত্তিত বিষয়া গৰাকীয়ে ঘটনা স্থলীত উপস্থিত হৈ নিম্ন মানদণ্ডৰ কাম প্ৰত্যক্ষ কৰি পুনৰ নতুনকৈ নলা নিৰ্মাণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। পিছে এই নিৰ্দেশনা কিমানখিনি কাৰ্যকৰী হয় এয়া হ'ব সময়ত লক্ষ্যনীয়৷

চাপৰৰ পৰা দিলৰুবা আখতাৰৰ ৰিপোৰ্ট, সংবাদ প্ৰহৰী৷

No comments:

Post a Comment

SPONSORED