শাৰদীয় বতৰত ধৰাৰ বুকুলৈ নামি আহিল দূৰ্গতিনাশিনী মা দূৰ্গা | Durga Puja - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 26, 2022

শাৰদীয় বতৰত ধৰাৰ বুকুলৈ নামি আহিল দূৰ্গতিনাশিনী মা দূৰ্গা | Durga Puja


শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাঁথো পাঁচটা দিন৷ মহালয়াৰ পাছতে দেৱী দূৰ্গাৰ পূজা অৰ্চনা কৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি৷ কোনে কিমান আটক ধুনীয়াকৈ মণ্ডৰ সাজিব পাৰে তাৰেই যেন চলিছে অঘোষিত প্ৰতিযোগিতা৷ একেদৰে মৃন্ময় মূৰ্ত্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকলে৷ নগাৱৰ কঠিয়াতলীত মৃন্ময় মূৰ্ত্তি সমূহত এনেদৰেই শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী৷ কঠিয়াতলীৰ মহামায়া শিল্পালয়ত দিনে নিশাই কষ্ট কৰি প্ৰতিমা সমূহত জীৱন্ত ৰূপ দিছে এইসকল শিল্পীয়ে৷

ইপিনে বালিজুৰিত এঘাৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপণৰ বাবে চলিছে ব্যাপক প্ৰস্ততি৷ 1970 চনৰপৰাই নিৰবচ্ছিন্নভাৱে অৰ্ধ শতিকাৰো অধিককাল অতিক্ৰম কৰা এই পুজাৰ প্ৰথম কাৰ্যসূচী হিচাপে মহালয়া উপলক্ষে সন্ধিয়াৰ ভাগত মণ্ডপত দেবী দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠাৰ পাছত সোমবাৰে পুৱা ধৰ্মধ্বজা স্হাপন আৰু বৰুণ আৱাহনৰ উপৰিও দেবী দুৰ্গাৰ মুলদ্বাৰ উন্মোচন কৰা হয়। মুল দ্বাৰ উন্মোচন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। উল্লেখ্যযোগ্য যে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰিত অনুষ্ঠিত হোৱা এই এঘাৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষণ ডি আই ডিত অংশগ্ৰহণ কৰা লিটিল মাষ্টাৰৰ ৰানাৰ্চআপ আধ্যাশ্ৰীৰ লগতে ইন্ডিয়ান আইডলৰ প্ৰতিযোগী জেলী তামাঙ প্ৰমুখ্যে অনান্য সাংস্কৃতিক কৰ্মী সকলে অংশগ্ৰহণ কৰিব।

কচুৱাৰ পৰা খাইৰুল ইছলাম আৰু জামুগুৰিহাটৰ পৰা নৱজিৎ ভূঞাৰ ৰিপৰ্ট সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED