Viral Video | ৰাজহুৱা স্থানত নামাজ পঢ়িলে এগৰাকী মহিলাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 23, 2022

Viral Video | ৰাজহুৱা স্থানত নামাজ পঢ়িলে এগৰাকী মহিলাই


উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন চৰকাৰী চিকিৎসালয়ৰ এটা ৱাৰ্ডৰ বাহিৰত ৰোগীৰ পৰিচাৰকে নামাজ আদায় কৰিছে।

কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ নামজ পঢ়াৰ দৃশ্য মোবাইলত বন্দী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে। সামাজিক মাধ্যমত ভিডিঅটো ভাইৰেল হোৱাৰ লগে লগে চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। নিজৰ নিজৰ ধৰ্মৰ পক্ষত যুক্তি দৰ্শাই মন্তব্য আগবঢ়াইছে। ভিডিঅ্ৰটো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত প্ৰয়াগৰাজ আৰক্ষীয়ে এক গোচৰ ৰুজুৰ কৰি অনুসন্ধান আৰম্ভ কৰে।

"অনুসন্ধানৰ অন্তত প্ৰয়াগৰাজ আৰক্ষীয়ে টুইটযোগে স্পষ্ট কৰি দিয়ে যে ভিডিঅ'টোত থকা মহিলাগৰাকীয়ে কোনো ভুল উদ্দেশ্য অবিহনে, আৰু কোনো কামভ বা যান-বাহনত বাধা নিদিয়াকৈ, ৰোগীৰ দ্ৰুত আৰোগ্যৰ বাবে নামাজ আগবঢ়াইছিল। এই কাৰ্য কোনো শ্ৰেণীৰ অপৰাধত নপৰে," যদি কোনোবাই তেওঁলোকৰ প্ৰিয়জনৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে তেন্তে কোনো ভুল নাই।

ভিডিঅ'টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰাত বহুতে বিভিন্ন ধৰণে মন্তব্য কৰে। কিছুমানৰ মতে ৰাজহুৱা স্থানত প্ৰাৰ্থনা কৰাটো অবৈধ।

ইপিনে ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ সভাপতি আসাদুদ্দিন ওৱাইচিয়ে হিন্দীত টুইট কৰি কয়- "যদি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তেওঁলোকৰ আত্মীয়সকলৰ যত্ন লয়, কোনো কোণত, কাকো আঘাত নকৰাকৈ যদি তেওঁলোকে তেওঁলোকৰ ধৰ্ম অনুসৰি প্ৰাৰ্থনা কৰে, তেন্তে ইয়াত কি অপৰাধ আছে? উত্তৰ প্ৰদেশ আৰক্ষীৰ আন কোনো কাম নাই নেকি? য'তেই নামাজ আগবঢ়োৱা হয়, নামাজীসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হয়,। উল্লেখ্য যে ৰাজহুৱা স্থানত নামাজ পঢ়াৰ ঘটনা দুমাহ আগতে সংঘটিত হৈছিল লক্ষ্ণৌৰ লুলু মলত। পিছত হিন্দুত্ববাদী সংগঠনে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰাৰ ফলত নামজ পঢ়া লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত জামিন দিয়া হৈছিল।

No comments:

Post a Comment

SPONSORED