মৰিগাঁৱত জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে '' যুৱ প্ৰজন্মক ধঁপাতৰ পৰা বচাঁওক শীৰ্ষক কাৰ্যসূচী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 13, 2022

মৰিগাঁৱত জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে '' যুৱ প্ৰজন্মক ধঁপাতৰ পৰা বচাঁওক শীৰ্ষক কাৰ্যসূচী


বিগত ৩০ ছেপ্টেম্বৰৰ পৰা ১৪ অক্টোবৰলৈ মৰিগাঁও দিৱসৰ লগত সংগতি ৰাখি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁও মহাবিদ্যালয়ত পষেকযোৰা ধপাঁত বিৰোধী অভিযানৰ শুভাৰম্ভ কৰিছিল জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই। জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ জয়া বড়োৰ নেতৃত্বত জিলা খনৰ মৰিগাঁও সদৰ, লাহৰীঘাট, মৈৰাবাৰী, মনহা আদি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত ধপাত বিৰোধী অভিযানৰ অংশ হিচাপে বিভিন্ন সজাগতা সভা আৰু শিক্ষানুষ্ঠানৰ সমূহৰ পৰা এশগজ ব্যাসাৰ্ধৰ ভিতৰত থকা ব্যৱসায় প্ৰতিষ্ঠান সমূহত চাধা, চিগাৰেট, বিড়ি, চিখৰ , গুটখা আদি বিক্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে মৰিগাঁও ছোৱালী হাইস্কুলৰ সমীপৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান চলাই জিলা নডেল বিষয়া ডাঃ জয়া বড়ো য়ে ।আনহাতে বহুকেইখন ব্যৱসায়ীক প্ৰতিষ্ঠানক নীতি বহিৰ্ভূত ভাবে ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ অভিযোগত জৰিমনা বিহে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়া কৰ্মী সকলে।

No comments:

Post a Comment

SPONSORED