Congress New President Controversy || কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ নতুন বিতৰ্ক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 20, 2022

Congress New President Controversy || কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ নতুন বিতৰ্ক


- কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ নতুন বিতৰ্ক
- গান্ধী পৰিয়ালৰ পৰা মুক্ত নহল নেকি কংগ্ৰেছ
- কৌশলেৰে নেতৃত্বৰ নিয়ন্ত্ৰণ নিজৰ হাততেই ৰাখিলে নেকি গান্ধী পৰিয়াল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি। সুদীৰ্ঘ চৌবিশটা বছৰৰ গান্ধী পৰিয়ালৰ সদস্যৰ বিপৰীতে অন্য নেতাই লাভ কৰিলে কংগ্ৰেছ দলৰ নেতৃত্বৰ বাঘজৰী৷ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী দলিত নেতা হিচাপে পৰিগণিত হৈছে খাৰ্গে।

দলটোৱে দুটা দশকত নেহৰু-গান্ধী পৰিয়ালৰ পৰিধিৰ বাহিৰৰ পৰা এগৰাকী নেতা নিৰ্বাচিত কৰিলে৷ কিন্তু ইতিমধ্যে ধ্বংসৰ গৰাহলৈ গতি কৰা দলটোৱে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক প্ৰত্যাহ্বান জনাব যে পাৰিব তাত সন্দেহ আছে৷

শশী থাৰুৰ পৰাস্ত হোৱাৰ পাছত এতিয়া প্ৰশ্ন উঠিছে, বিজেপিৰ সৈতে পোনপটীয়া যুঁজত আকৌ এবাৰ বেকফুটলৈ গুচি গ’ল নেকি কংগ্ৰেছ? কিয়নো, এগৰাকী বৌদ্ধিকভাৱে উজ্জীৱিত নেতা শশী থাৰুৰ সভাপতি নিৰ্বাচিত হ’লে দলটোক প্ৰাণ সঞ্চাৰী সঞ্জীৱনীয়ে শকতি দিয়াৰ আশা কৰা হৈছিল৷ যিহেতু দেশৰ যুৱ ভোটাৰৰ মাজত শশী থাৰুৰ জনপ্ৰিয় নেতা, সেয়ে তেওঁ সভাপতি হ’লে যুৱ প্ৰজন্মও দলটোলৈ আকৰ্ষিত হ’ব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু, মূলত: গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে নেতৃত্বত অধিষ্ঠিত হ’ল খৰ্গে৷

এক কথাত ক’ব পাৰি, প্ৰত্যক্ষ দৃষ্টিত গান্ধী পৰিয়াল নেতৃত্বত নাথাকিলেও খৰ্গেক সংস্থাপিত কৰি গান্ধী পৰিয়ালেই আঁৰৰ পৰা নিয়ন্ত্ৰণ কৰিব দলটোক৷ আৰু যাৰ ৰিম’ট চলাব ৰাহুল গান্ধীয়ে৷ কিয়নো, শশী থাৰুৰ সভাপতি হ’লে প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য দাবীদাৰ হৈ উঠিলহেঁতেন৷ কিন্তু, সেয়া হ’বলৈ নিদিয়ে গান্ধী পৰিয়ালে৷ যাৰ বাবে চল-বল-কৌশল প্ৰয়োগেৰে নেতৃত্বৰ পৰা আঁতৰাই পঠিওৱা হ’ল থাৰুৰৰ দৰে দিগ্বজ নেতাক৷ এতিয়া সময়ে ক’ব- খৰ্গেৰ নেতৃত্বত কংগ্ৰেছে বিজেপিক কিধৰণে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব৷

No comments:

Post a Comment

SPONSORED