Dipawali || পোহৰৰ উৎসৱ দিপাৱালীলৈ ব্যস্ততা বাঢ়িছে মৃৎ-শিল্পীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 22, 2022

Dipawali || পোহৰৰ উৎসৱ দিপাৱালীলৈ ব্যস্ততা বাঢ়িছে মৃৎ-শিল্পীৰ


ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ চাপৰৰ পালপাৰতো মৃৎ-শিল্পীসকলৰ এক ব্যস্ততাপূৰ্ণ পৰিবেশে বিৰাজ কৰিছে। পালপাৰাৰ অঞ্চলৰ অধিকাংশ লোকেই মৃৎ-শিল্প তথা কুমাৰ বৃত্তিৰ লগত জড়িত। বিগত দুটা বছৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যথেষ্ট অভাৱ-অনাটনত পাৰ কৰি অহাৰ পিছত এইবছৰ অতি আশাৰে দিপাৱালী আৰু কালীপূজাৰ পূৰ্বে গ্ৰাহক ৰাইজৰ বাবে গাওঁ খনৰ কুমাৰৰ পৰিয়াল সমূহে নিৰ্মাণ কৰিছে মাটি চাকি, ধূনামলা, ঘট ইত্যাদি। পূৰ্বৰ তুলনাত এই বছৰ দেৱালীৰ প্ৰাক্ মুহূৰ্তত গাওঁখনৰ একো-একোটি পৰিয়ালে গঢ়ে 50/60 হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰিছে। বিনাদ্বিধাই ঘৰখনৰ সকলোটি সদস্যই হাতে-কামে লাগি জড়িত হৈ পৰা পৰিলক্ষিত হৈছে নিজৰ বৃত্তিটোত।

চাপৰৰ পৰা দিলৰুবা আহমেদৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED