দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ গুৱাহাটীত উপস্থিত হৈয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আই আই টি গুৱাহাটীত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৃহস্পতিবাৰে আই আই টি গুৱাহাটীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে। অনুষ্ঠানতে ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি গুৱাহাটীৰ চৌহদত ছুপাৰ কম্পিউটাৰ সুবিধা থকা ‘‘পৰম কামৰূপা’’ উদ্বোধন কৰাৰ লগতে তেওঁ এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰে। ইয়াৰ উপৰি তেওঁ ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কয় যে, অসম তথা উত্তৰ পূৰ্বাঞ্চলে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব লাগিব । যাৰ জৰিয়তে দেশে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভৱিষ্যতে অধিক উদ্যম পাব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে ভাষণ প্ৰসংগত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ব্ৰহ্মপুত্ৰৰ বিশালতাৰ প্ৰংশসা কৰি কয় যে, অসম বিভিন্ন দিশত আগুৱাই গৈছে।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আই আই টি গুৱাহাটীৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে, ৰাজ্য চৰকাৰে আই আই টি গুৱাহাটীৰ জৰিয়তে স্বাস্থ্য সেৱা দিশত বিভিন্ন গৱেষণামূলক কাম কৰি আছে। তেওঁ কয় যে, 2014 চনৰ পৰা নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচৰ পৰা অসমৰ স্বাস্থ্য খণ্ডৰ যথেষ্ট উন্নয়ন সাধন হৈছে।
উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাৰ পিছত তেওঁ কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটোৱাৰ পিছত শুক্ৰবাৰে তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাচত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
No comments:
Post a Comment