Lankaত BJP - RSSৰ দ্বাৰা মুছলমান লোক বলপূৰ্বক ভূমি বেদখল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 15, 2022

Lankaত BJP - RSSৰ দ্বাৰা মুছলমান লোক বলপূৰ্বক ভূমি বেদখল



লংকা চহৰৰ মাজমজিয়াত অৱস্থিত পূৰ্বৰ ভাৰতী চিনেমা হলস্থিত ভূমি বলপূৰ্বকবাৱে বেদখল কৰে বিজেপি আৰ এছ এছৰ কৰ্মীয়ে। লংকাৰ উদালীৰ নুৰ উদ্দিন আৰু ইছলাম উদ্দিন নামৰ লোক দুজনে মাটিখিন ক্ৰয় কৰিছিল আৰু যোৱা ৮ আগষ্টত লোক দুজনৰ নামত মাটিখিনি নামজাৰী কৰা হৈছিল। তাৰ পিছতো শতাধিক বিজেপি আৰু এৰ এছ এছৰ শতাধিক কৰ্মীয়ে জয় শ্ৰী ৰাম, ভাৰত মাতা কি জয় ধ্বনিৰে ভাৰতী চিনেমা হলৰ গেট আৰু দেৱালৰ লগতে মাটিখিনিৰ ৰক্ষাণাবেক্ষনৰ দায়িত্বত থকা নিৰাপত্তীৰ ঘৰো ভাঙি পেলায়। উল্লেখ্য যে লংকা আৰক্ষী থানাৰ পিছফালে মাত্ৰ ২০০ মিটাৰ দূৰত্বত সংঘটিত এই কাণ্ড। ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত মাটিখিনিৰ ৰক্ষাণাবেক্ষনৰ দায়িত্বত থকা নিৰাপত্তীৰক্ষীয়ে আৰক্ষী-চিআৰপিএফলৈ ফোন কৰি কোনো সুফল নাপালে। লংকা আৰক্ষীৰ এনে ৰহস্যজনক নীৰৱতাই সকলোৰে চকু কপালত তুলিছে।

ফলত প্ৰশ্ন হয়- ওপৰ মহলৰ আশীৰ্বাদত সংঘটিত হৈছে নেকি এনে জঘন্য কাণ্ড। নে কোনো চক্ৰই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে চলাই আছে অপচেষ্টা কি উত্তৰ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াই।

No comments:

Post a Comment

SPONSORED