Miya Musium || আকৌ মিয়া মিউজিয়াম এইবাৰ কলাক্ষেত্ৰত নহয়, গোৱালপাৰাত উদ্বোধন হ'ল মিঞা মিউজিয়াম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 24, 2022

Miya Musium || আকৌ মিয়া মিউজিয়াম এইবাৰ কলাক্ষেত্ৰত নহয়, গোৱালপাৰাত উদ্বোধন হ'ল মিঞা মিউজিয়াম


গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰ ভিটাত সদৌ অসম মিঞা পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰা হয়। মিঞা সংগ্ৰহালয়ত মিঞাসকলে তাহানীৰে পৰা ব্যৱহাৰ কৰি অহা সামগ্ৰীবোৰ সংৰক্ষণ কৰা হৈছে। এই উদ্বোধনী কাৰ্য্যত মিঞা জনগোষ্ঠীৰ কেইবা শতাধিক ৰাইজৰ লগতে উপস্থিত থাকে আমন্ত্ৰিত অতিথি আৰু মিঞা পৰিষদৰ বিষয়বীয়াসকল।

উল্লেখযোগ্য যে গুৱাহাটী মহনগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মিউজিয়ামত মিয়া লোক সংস্কৃতিৰ বিভিন্ন সামগ্ৰী সংৰক্ষণ কৰাৰ বাবে প্ৰথমে দাবী উত্থাপন কৰিছিল বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলী আহমেদৰ এই দাবীক লৈ ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল।

পিছে এইবাৰ কলাক্ষেত্ৰত নহয়, গোৱালপাৰাত মিঞা মিউজিয়াম উদ্বোধন কৰাৰ পিছতেই পুনৰ সৃষ্টি হৈছে ৰাজনৈতিক প্ৰতিক্ৰিয়া। গোৱালপাৰা মিয়া মিউজিয়ামক লৈ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় - এয়া অতি বেয়া কাম হৈছে। মিঞা কালচাৰ পুলিতে উৎখাত নকৰিলে গোজেই গজালি হ’বগৈ।

একেদৰে আন এগৰাকী বিজেপি বিধায়ক দিগন্ত কলিতাই নিজৰ মন্তব্যত মিয়া বুলি কোনো জাতি্ নাই বুলি উল্লেখ কৰে।

আনহাতে মিঞা মিউজিয়ামক লৈ উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিধায়কজনৰ মতে মিঞা মিউজিয়াম মুখ্যমন্ত্ৰীৰ হিডেন এজেণ্ডা। বেংগলী সকলৰ বাবে বেংগলী মিউজিয়াম স্থাপনৰ ব্যৱস্থা কৰক বিজেপিয়ে।

ইপিনে এইআইউিডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে কয়- মিয়া মিউজিয়াম এআইইউডিএফৰ দাবী নহয়। কিন্তু হেৰাই যাব সামগ্ৰী সংৰক্ষণ কৰি ৰখাত কোনো বাধা নাই।

একেদৰে সদা বিতৰ্কিত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে মিয়া মিউজিয়ামক বাংলাদেশী মুছলমান মিউজিয়াম বুলি আখ্যা দি উক্ত মিউজিয়াম ভাঙি দিয়াৰ দাবী জনায়।

গোৱালপাৰাৰ মিয়া মিউজিয়ামক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত পুনৰ এক বিতৰ্ক গা কৰি উঠিলে্ও এনে বিতৰ্কক সৰ্বসাধাৰণ ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়াহে মূল কথা।

No comments:

Post a Comment

SPONSORED