বৰক্ষেত্ৰীৰ চৰাঞ্চলত চাঞ্চল্য- নিশা ঘৰৰ পৰা উঠাই নি ধৰ্ষণ কৰাৰ অভিযোগ | Nalbari - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 4, 2022

বৰক্ষেত্ৰীৰ চৰাঞ্চলত চাঞ্চল্য- নিশা ঘৰৰ পৰা উঠাই নি ধৰ্ষণ কৰাৰ অভিযোগ | Nalbari


বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ৰংচৰত এগৰাকী মহিলাক এদল লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে। শ্বহিদুল ইছলাম নামৰ লোক এজনৰ নেতৃত্বত ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। জানিব পৰা মতে ৰংচৰৰ ৰূপচান আলী নামৰ লোকজনৰ পত্নী নিশা ঘৰৰ পৰা নিৰুদ্দেশ হয়। স্বামী ৰূপচানে নিশা পত্নীক বিচাৰি চলাথ কৰি অৱশেষত ৰাতিপুৱা ঘৰৰ ওচৰৰ নদীৰ পাৰত পানীত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰে। স্থানীয় লোকৰ সহযোগত স্বামীয়ে মহিলা গৰাকীক পানীৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়লৈ লৈ যায়। প্ৰাথমিক চিকিৎসাৰ পিছত মহিলা গৰকীয়ে সংজ্ঞা ঘূৰাই পোৱাত ঘটনাৰ সকলো বিবৰণ দিয়ে। মহিলা গৰাকীৰ অভিযোগ মতে শ্বহিদুল ইছলাম নামৰ এজন লোকৰ নেতৃত্বত এদল লম্পটে মহিলা গৰাকী নিশা ঘৰৰ পৰা উঠাই লৈ গৈ ধৰ্ষণ কৰে। তাৰ পিছত লম্পটৰ দলটোৱে মহিলা গৰাকীক প্ৰাণে মৰাৰ চেষ্টা কৰি তেনেদৰে অচেতন অৱস্থাত পানীত পেলাই থৈ যায় বুলি অভিযোগ কৰে ভূক্তভোগী মহিলা গৰাকীয়ে। উল্লেখযোগ্য যে পূৰ্বতে শ্বহিদুল ইছলাম নামৰ লোক জনে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ চলি আছে বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ ভাংনামাৰী আৰক্ষীক অনুৰোধ জনায় ভুক্তভোগী পৰিয়ালটোৱে।

মুকালমুৱাৰ পৰা ছাদিকুৰ ৰহমানৰ ৰিপোৰ্ট, সংবাদ প্ৰহৰী।

No comments:

Post a Comment

SPONSORED