জাগীৰোডৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ লোকক সাহায্য প্ৰদান অভিনেত্ৰী Aimee Baruah - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 3, 2022

জাগীৰোডৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ লোকক সাহায্য প্ৰদান অভিনেত্ৰী Aimee Baruah


জাগীৰোডত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিশা প্ৰায় ২ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চল। বিস্ফোৰিত হয় ৩ টাকৈ গেছ চিলিণ্ডাৰ। কথমপি প্ৰানৰক্ষা পৰে এটা পৰিয়াল। অগ্নিনিৰ্বাপক বাহিনীৰ ৬ খনকৈ গাড়ী উপস্থিত হৈ প্ৰায় ৪ ঘন্টাৰ পিছতহে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ইপিনে জাগীৰোডত নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পত্নী আইমী বৰুৱা৷ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে উক্ত অনাকাংক্ষিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই। আনহাতে ভূক্তভোগী সকলক ব্যক্তিগতভাৱে সাহায্য প্ৰদান কৰাৰ লগতে ঘটনাৰ তদন্ত আৰু ব্যৱসায়ী সকলক চৰকাৰী সাহায্য প্ৰদানৰো মত পোষণ কৰে আইমী বৰুৱাই৷

জাগীৰোডৰ পৰা ৰঞ্জু আমছিৰ ৰিপৰ্ট সংবাদ প্ৰহৰী।

No comments:

Post a Comment

SPONSORED