বিশিষ্ট সমাজ কৰ্মী, সমাজপ্রাণ অতুল গোস্বামীৰ দেহা অৱসান || Atul Goswami - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 1, 2022

বিশিষ্ট সমাজ কৰ্মী, সমাজপ্রাণ অতুল গোস্বামীৰ দেহা অৱসান || Atul Goswami


বিশিষ্ট সমাজ কৰ্মী, সমাজপ্রাণ অতুল গোস্বামীৰ দেহা অৱসান। ৩১ অক্টোবৰৰ বিয়লি ৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সমাজ প্ৰাণ অতুল গোস্বামীৰ দেহা অৱসান ঘটে। আজি পুৱা ৯ বজাত দেৰগাঁৱৰ সকলো দল সংগঠনকে ধৰি বিভিন্ন গন্য মান্য ব্যক্তি যে শেষ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ ঐতিহাসিক অসম আন্দোলনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল। তেখেতে দেৰগাঁও নগৰ সমিতি, বাপুজী মন্দিৰ, নৰেন শৰ্মা স্মৃতি সুৰক্ষা সমিতিকে আদি কৰি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেত ওৰেটো সমাজ জীৱনৰ লগত অৱদান আগবঢ়াই অহাৰ বাবে সমাজ প্ৰাণ উপাধি প্ৰদান কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। শোকস্তব্ধ দেৰগাঁৱত তেওঁৰ প্ৰতি সন্মান জনাই আজি দেৰগাঁৱৰ সকলো শিক্ষানুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায় বাণিজ্য এবেলাৰ বাবে বন্ধ ৰখা হয়।

দেৰগাঁৱৰ পৰা প্ৰণৱ বৰাৰ প্ৰতিবেদন ,সংবাদ প্রহৰী

No comments:

Post a Comment

SPONSORED