দৰঙৰ দিপীলাত শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা মহোৎসৱ উদযাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 2, 2022

দৰঙৰ দিপীলাত শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা মহোৎসৱ উদযাপন


দৰঙৰ দিপীলাত ঐতিহ্যমণ্ডিত শক্তিপীঠ দিপীলা শ্ৰীশ্ৰী জগদ্ধাত্ৰী মন্দিৰত ১০১ বছৰধৰি পৱিত্ৰ কাৰ্তিকী নৱমী তিথিত বিশ্ববন্দিতা বিশ্বেশ্বৰী দেৱীৰ চৰণকমলত পূজাঁ-অৰ্চনাৰে ভক্তি নিবেদন কৰি আহিছে। ভিন্ন কাৰ্যক্ৰমনিকাৰে তিনিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূঁজা মহোৎসৱৰ অন্যতম কায্যসূচী মুখপত্ৰ জগদ্ধাত্ৰী উন্মোচনী আৰু সম্বৰ্ধনা অনুষ্ঠান শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূঁজা উদযাপন সমিতিৰ সভাপতি ডম্বৰুধৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হয়। অৱসৰী বেংক বিষয়া আদ্যপ্ৰসাদ শৰ্মাই শুভউদ্বোধন কৰা অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মুখপত্ৰ উন্মোচক খণ্ড উন্নয়ন বিষয়া তথা লেখক চম্পক শৰ্মা,বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাসহ ভালেমান বিশিষ্ট্ ব্যক্তিয়ে অংশ গ্ৰহন কৰে। অগনন ভক্ত, দৰ্শনাৰ্থীৰে পৰিপূৰ্ণহৈ পৰা অনুষ্ঠানত শঙ্খ, ঘণ্টা, উৰুলী, দেৱবাদ্য আৰু নাম প্ৰসংগৰে শ্ৰীশ্ৰী জগদ্ধাত্ৰী মন্দিৰ প্ৰাংগন ভক্তিৰসেৰে উজলি উঠা পৰিলক্ষিত হ'ল।

দিপীলাৰ পৰা যীচু নন্দন কলিতাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।

No comments:

Post a Comment

SPONSORED