Real Love || প্ৰাৰ্থনা-বিতোপনৰ বাস্তৱ প্ৰেম কাহিনী || Love Story of Prarthana-Bitupan - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 19, 2022

Real Love || প্ৰাৰ্থনা-বিতোপনৰ বাস্তৱ প্ৰেম কাহিনী || Love Story of Prarthana-Bitupan

  • প্ৰেম কিমান গভীৰ হ'লে, প্ৰেমিকাৰ মৃত শৰীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব পাৰে এজন প্ৰেমিক?
  • চিনেমা যেন লগা প্ৰাৰ্থনা-বিতোপনৰ বাস্তৱ প্ৰেম কাহিনীয়ে কন্দুৱাইছে সকলোকে।
  • সুখৰ সংসাৰৰ আৰম্ভ কৰাৰ আগতেই কিদৰে বিতোপনৰ কাষৰ পৰা আঁতৰি গ'ল প্ৰাৰ্থনা?
  • চকু সেমেকি উঠা এক অসহনীয় দৃশ্য!
  • মৃত প্ৰেমিকাৰ শিৰত সেন্দূৰ আঁকি অন্তিম বিদায় প্ৰেমিকৰ
  • বহাগত যুগ্ম জীৱন আৰম্ভ কৰাৰ সপোন দেখিছিল বিতোপন-প্ৰাৰ্থনাই
  • কিন্তু নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিলে প্ৰাৰ্থনাৰ জীৱন
  • শেষত প্ৰেমিকাৰ মৃত শৰীৰৰ সৈতেই বিবাহ পাশত আৱদ্ধ হ'ল প্ৰেমিক বিতোপন

এই অসমৰে এক স্বৰ্গীয় প্ৰেম কাহিনী! মৃত প্ৰেমিকাৰ কপালত সেন্দুৰ পিন্ধাই অন্তিম বিদায় জনালে প্ৰেমিকে। অসমৰ এই ঘটনাই স্থাপন কৰিছে আদৰ্শ প্ৰেমৰ। এই প্ৰেম কাহিনীয়ে সমাজক শিকাইছে স্বৰ্গীয় প্ৰেম কাক কয়।

এখন সুখৰ সংসাৰ গঢ়াৰ সপোন আছিল বিতোপন আৰু প্ৰাৰ্থনাৰ। হাতত হাত থৈ জীৱনৰ পথত একেলগে আগবাঢ়ি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল বিতোপন তামুলী আৰু প্ৰাৰ্থনা বৰা। কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেওঁলোকৰ প্ৰেমক তচনচ কৰি পেলালে। আশা, হেঁপাহবোৰ বুকুত বান্ধিয়ে কেতিয়াও উভতি নহা বাটেৰে অজানা দেশলৈ গুচি গ'ল প্ৰাৰ্থনা।

শুকুৰবাৰে ৰহাৰ চাপৰমুখৰ কচুৱাত ঘটা এই ঘটনাই আৱেগিক কৰি তুলিছে সকলোকে। মৃত্যুৰ পাছত প্ৰেমিকে পূৰণ কৰিলে প্ৰেয়সীৰ আশা। মৃত প্ৰেমিকাৰ কপালত প্ৰেমিক বিতোপনে আঁকি দিলে সেন্দুৰৰ ৰঙা বেলি।

চিনেমাৰ দৰেই এই প্ৰেম কাহিনী নিজ চকুৰে দেখাৰ সাক্ষী হৈ ৰ'ল ৰহাৰ চাপৰমুখবাসী। এই দৃশ্যই চকু সেমেকাই তুলিলে উপস্থিত সকলোৰে।

চাপৰমুখ কচুৱাৰ যুৱতীগৰাকীৰ নাম প্ৰাৰ্থনা বৰা। এক জটিল ৰোগত আক্ৰান্ত হৈছিল প্ৰাৰ্থনা। শুকুৰবাৰে প্ৰাৰ্থনাই চিৰদিনৰ বাবে এই সংসাৰৰ পৰা বিদায় ল’লে।

প্ৰাৰ্থনাৰ লগত ছাঁটোৰ দৰে আছিল বিতোপন তামুলী। প্ৰাৰ্থনাৰ মৃত্যুৰ পাছত নিথৰ দেহৰ কাষত বহি বিতোপনে প্ৰাৰ্থনাৰ কপালত পিন্ধাই দিলে সেন্দুৰ। প্ৰাৰ্থনাৰ ডিঙিত পিন্ধাই দিলে মালা। প্ৰাৰ্থনাৰ মৃতদেহক মালা পিন্ধোৱাৰ লগতে তেওঁ নিজেও পিন্ধি ল’লে মালা।



বিতোপন তামুলীয়ে ফেচবুকত লিখিছে- ''এনেকৈ এৰি যাব নালাগিছিল মোক।।।পাৰা যদি মোকো লৈ যোৱা।।।তাতেই আমি আমাৰ সংসাৰ পাতিম আৰু আমাৰ পৰিকল্পনাৰ যুগ্ম সন্তানৰ লগত সুখেৰে থাকিম।।।।Love You Kalija...মোক চিৰ জীৱনৰ বাবে কন্দুৱাই তুমি চিৰ শান্তিত থাকা।।।।''

সপোনৰ হেঁপাহবোৰ বাস্তবৰ সান্নিধ্যত জীপাল হৈ উঠে...
তোমাৰ ভালপোৱাই মোৰ জীৱনত যি সঞ্জীবনী অনুভৱৰ আগমন ঘটাইছে সেই অনুভৱেইতো সজীৱ কৰি ৰাখিছে মোৰ প্ৰতিটো পল অনুপল...
সেই অনুভৱৰ বাংকময়তাই নীৰৱতাতো কোলাহলৰ সৃষ্টি কৰে....
সেই অনুভৱেই তুমিহীনতাৰ দিনবোৰত তোমাৰ উপস্থিতি অনুভৱ কৰায়।
তুমি জানা....
জীৱনৰ দুঃসহ সময়বোৰতো সেই অনুভৱেই এক শক্তিশালী ঢাল হৈ মোক আবৰি থাকে ....
মোৰ প্ৰেৰণা...
মোৰ উৎসাহ...
মোৰ সাহস....
মোৰ চালিকা শক্তি.....
সকলোৰে উৎস যেন সেই একেটাই.....
শেষত এটাই আশা....
তুমি যেন তুমি হৈয়েই থাকা
আৰু মই ময়েই
আৰু নীৰৱে বৈ থাকক এই অনুভৱ ....
ভালপোৱাৰ অনুভৱ....

No comments:

Post a Comment

SPONSORED