FIFA World Cup 2022 | বিশ্বকাপ ফুটবলৰ ৰোমাঞ্চকৰ ফাইনেলত পৰাজিত ফ্ৰান্সঃ মেছিৰ বিশ্বজয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 19, 2022

FIFA World Cup 2022 | বিশ্বকাপ ফুটবলৰ ৰোমাঞ্চকৰ ফাইনেলত পৰাজিত ফ্ৰান্সঃ মেছিৰ বিশ্বজয়


৩-৩ গ’লত অমীমাংসিত ৰুদ্ধশ্বাস মেচৰ টাইব্রেকাৰত ৪-২ত আৰ্জেণ্টিনাৰ বিজয়

কাতাৰৰ লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ আটাইতকৈ ৰোমাঞ্চকৰ মেচত টাইব্ৰেকাৰত মেছিৰ আৰ্জেণ্টিনাৰ হাতত পৰাজিত হ'ল বিগত চেম্পিয়ন ফ্রান্স। একেৰাহে দুখন বিশ্বকাপত খিতাপ দখল কৰি ব্ৰাজিলৰ অভিলেখ স্পৰ্শৰ সুযোগ মষিমূৰ হ'ল কিলিয়ান এমবাপেৰ দলৰ। এইবাৰ বিশ্বকাপত স্বপ্নময় ছন্দত থকা মেছিয়েই পেনাল্টীৰ জৰিয়তে অগ্রগতি প্ৰদান কৰে আৰ্জেণ্টিনাক। খিতাপৰ যুঁজত ফ্ৰান্সক সামগ্রিকভাৱে ৭- ৫ গ'লত পৰাজিত কৰি আৰ্জেণ্টিনাই অৰ্জন কৰিলে কাটাৰ বিশ্বকাপ। মেচখনৰ ২৩ মিনিটত মেছিয়ে পেনাল্টীৰ জৰিয়তে দলক অগ্রগতি প্ৰদান কৰে। পেনাল্টীৰ সিদ্ধান্ত বিতর্কিত হ'লেও মেছিয়ে সুযোগৰ সদ্ব্যৱহাৰ কৰি বিশ্বকাপৰ ইতিহাসত আৰ্জেণ্টিনাৰ হৈ সৰ্বাধিক ১৪টা গ'ল দিয়াৰ কৃতিত্ব অৰ্জন কৰে। তেওঁ ১৪টা গ'ল দিয়াৰ বিপৰীতে ৮টা গ'ল দিয়াত সতীর্থক সহায় কৰিছে। মেচখনত মেছিয়ে তিনিটা গ'ল দি চলিত বিশ্বকাপত মুঠ আঠটা গ'ল দিবলৈ সক্ষম হয়। মেচখনৰ প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই ২-০ গ'লত অগ্রগতি লাভ কৰিছিল। এটা সময়ত আর্জেন্টিনাই বিশ্বকাপ সহজে জয় কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু অন্তিম মুহূৰ্তত উজলি উঠা এমবাপেই ৮০ আৰু ৮১ মিনিটত দুটাকৈ গ'ল দি মেচখনত সমতা স্থাপন কৰে। নিৰ্ধাৰিত সময়ত ২-২ গ'লত মেচখন অমীমাংসিতভাৱে সমাপ্ত হোৱাত ৰেফাৰীয়ে অতিৰিক্ত সময়ৰ ব্যৱস্থা কৰে। অতিৰিক্ত সময়ত মেচখনৰ ১০৮ মিনিটত মেছিয়ে এটা গ'ল দি ব্যৱধান ৩-২লৈ বৃদ্ধি কৰে যদিও এমবাপেই ১১৯ মিনিটত নিজৰ তৃতীয়টো গ'লেৰে পুনৰ সমতা স্থাপন কৰে। ফলত মেচৰ ফলাফল নিৰ্ধাৰণৰ বাবে টাইব্ৰেকাৰৰ সহায় ল'বলগীয়া হয়। টাইব্ৰেকাৰত আৰ্জেণ্টিনাই ৪টা গ'ল দিয়াৰ বিপৰীতে ফ্রান্সে মাত্ৰ দুটাহে গ'ল স্ক'ৰ কৰাত মেছিৰ দলটোৱে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে প্রথম ফুটবলাৰ হিচাপে গ্রুপ পর্ব, প্রি-কোৱাৰ্টাৰ, কোৱাৰ্টাৰ, ছেমিফাইনেল আৰু ফাইনেলত গ'ল দিলে মেছিয়ে। এই মেচখনৰো কেন্দ্ৰবিন্দু আছিল মেছি। বল পালেই তেওঁ যিকোনো প্ৰকাৰে সুযোগ সৃষ্টিৰ চেষ্টা চলাইছিল। সামান্যতম ফাঁক পালেই পাছ দিয়াৰ চেষ্টা কৰিছিল। কেৰিয়াৰৰ অন্তিমখন মেচত অভাৱনীয় প্ৰদৰ্শনেৰে ৰাজকীয় বিদায় ল'লে ফুটবলৰ ৰাজকুমাৰ মেছিয়ে। অন্তিম বিশ্বকাপত ৮টা গ'লেৰে আন এক বিৰল কৃতিত্বও গঢ়িলে আর্জেন্টাইন তাৰকাগৰাকীয়ে। খেলখন মেছি আৰু এমবাপেৰ মাজতেই তীব্ৰ যুঁজ হ'ব বুলি পূৰ্বতেই ধাৰণা কৰা হৈছিল। এই দুয়োগৰাকী ফুটবলাৰৰ জাৰ্ছী নম্বৰ হল ১০। ইয়াৰে আৰ্জেণ্টিনাৰ ১০ নম্বৰৰ জাৰ্ছী পৰিহিত খেলুৱৈ মেছিয়ে জিনিলে বিশ্বকাপ। ফ্ৰান্সৰ ১০ নম্বৰৰ জাৰ্ছী পৰিহিত খেলুৱৈ এমবাপেয়ে কৰিলে হেট্ৰিক।

দলটোক অকলে কান্ধত লৈ কেলিয়ান এমবাপেয়ে অৰ্জন কৰিলে হেট্ৰিক। এমবাপেক প্ৰথম অৱস্থাত যথেষ্ট নিষ্প্রভ দেখা গৈছিল যদিও শেষ মুহূৰ্তত দুৰ্দান্ত প্ৰদৰ্শনেৰে তেওঁ চাৰিটাকৈ গ'ল দি আজিৰ মেচখনৰ অন্যতম নায়কত পৰিণত হয়। আৰ্জেণ্টিনাৰ হাতত খেলখন প্ৰায় কাঢ়ি নিয়া এমবাপে যোৱাবাৰ বিশ্বকাপৰ ফাইনেলত এটা গ'ল কৰিছিল। দেশখনে বিশ্বকাপ জিকিছিল। কিন্তু এইবাৰ বিশ্বকাপ ফাইনেলত হেট্ৰিক কৰাৰ পিছতো হাৰিল তেওঁৰ দল ফ্ৰান্স। ১৯৬৬ চনত ইংলেণ্ডৰ জিওফ হাৰ্ষ্টৰ পিছত ফাইনেলত হেট্ৰিকৰ কৃতিত্ব অৰ্জন কৰে এমবাপে। একেদৰে এইবাৰ বিশ্বকাপত, 8 টা গ'লেৰে এমবাপেৰ লাভ কৰে গোল্ডেন বুট।

উল্লেখ্য যে সাতটাকৈ বেলন ডিঅ'ৰ অলিম্পিকত স্বর্ণপদক, বার্চিলোনাৰ হৈ স্বর্ণপদক জয়, কোপা আমেৰিকা ক্লাব বিশ্বকাপত শ্ৰেষ্ঠ হোৱাৰ ট্ৰফীকে ধৰি বিশ্ব ফুটবলৰ সকলো সফলতা আঁজুৰি অনা আর্জেন্টাইন তাৰকাগৰাকীৰ বাবে ইমানদিনে কেৱল আধৰুৱা হৈ আছিল বিশ্বকাপ। ২০০৬ চনত প্ৰথমবাৰ বিশ্বকাপ খেলিছিল মেছিয়ে। সেইবাৰ ছাৰ্বিয়া আৰু মন্টেনেগ্ৰোৰ বিৰুদ্ধে পৰিৱৰ্ত খেলুৱৈৰূপে নামিছিল তেওঁ। প্ৰথমখন মেচত গ’লো কৰিছিল। কিন্তু সেইবাৰ বিশ্বকাপত পৰিৱৰ্ত খেলুৱৈ ৰূপেই অভিযান সামৰিবলগীয়া হৈছিল। কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ হাতত পৰাজিত হৈ বিদায় ল'বলগীয়া হৈছিল আৰ্জেণ্টিনাই। অৱশ্যে ২০১০ চনৰ বিশ্বকাপৰ পূৰ্বে নিজকে প্রতিষ্ঠা কৰি পেলাইছিল মেছিয়ে। সেইবাৰ আৰ্জেণ্টিনাৰ দায়িত্বত আছিল ডিয়েগো মাৰাডোনা। মেছিয়ে আছিল দলৰ মুখ্য ফুটবলাৰ। কিন্তু কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ বিপক্ষে স্বপ্নভংগ ঘটিছিল আৰ্জেণ্টিনাৰ। ২০১৪ৰ বিশ্বকাপত মেছিয়ে ৪টা গ'ল দিলেও ফাইনেলত স্বপ্নভংগ ঘটিছিল তেওঁৰ দলৰ। ২০১৮ চনতো ব্যৰ্থ হৈছিল মেছি। কোনো মতে গ্রুপ পর্যায় অতিক্ৰম কৰিলেও প্রি-কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাজিত হৈছিল দলটো। কিলিয়ান এমবাপেৰ ধুমুহাত তচনচ হৈ গৈছিল আৰ্জেণ্টিনাৰ ৰক্ষণ। বিগত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ মধুৰ প্ৰতিশোধ ল'লে মেছিৰ দলে। দেশৰ হৈ ট্ৰফী জয় কৰিব নোৱাৰাৰ যন্ত্ৰণাই খেদি ফুৰিছিল মেছিক। তিনিবাৰ কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ কৰিও খিতাপ জয়ত ব্যৰ্থ হৈছিল মেছি। যোৱা বছৰ কোপা আমেৰিকা জয় কৰি তেওঁ প্ৰথমটো সপোন পূৰ্ণ কৰাৰ লগে লগে সুদীৰ্ঘ ২৮ বছৰীয়া অপেক্ষাৰ অৱসান ঘটাই দেশক খিতাপ উপহাৰ দিয়ে। ১৯৮৬ চনত মাৰাডোনাই আর্জেন্টিনাক বিশ্বকাপ উপহাৰ দিলেও মহান খেলুৱৈগৰাকীয়ে দেশখনক কোপা আমেৰিকাত চেম্পিয়ন কৰাব পৰা নাছিল। কিন্তু সেই অসাধ্য সাধন কৰিব পাৰিছিল মাৰাডোনাৰ যোগ্য উত্তৰসূৰী মেছিয়ে। ২০০৮ চনত নাইজেৰিয়াক পৰাস্ত কৰি অলিম্পিকতো স্বর্ণ জয় কৰিছিল মেছিৰ দলে। এইবাৰ ৩৬ বছৰৰ পাছত মেছিয়ে প্রায় এককভাৱেই আর্জেন্টিনাক উপহাৰ দিলে বিশ্বকাপ। বিগত ১৬ বছৰ ধৰি ফুটবল বিশ্বত শাসন চলাইছে মেছি আৰু পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে। প্ৰায় সকলো ট্ৰফী জয় কৰিছে এই দুই মহাতাৰকাই। এইবাৰ বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেলৰ গণ্ডী অতিক্ৰম কৰিব নোৱাৰিলে ৰ'নাল্ডোৱে। মেছিয়ে কিন্তু ঈপ্সিত লক্ষ্যত উপনীত হ'ল আৰু দখল কৰিলে ‘গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ'ৰ সুদৃশ্য টুফী।

No comments:

Post a Comment

SPONSORED