অর্ণমাই বৰাৰ কন্যাই আজিও নাপালে চাকৰি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 19, 2023

অর্ণমাই বৰাৰ কন্যাই আজিও নাপালে চাকৰি

· প্ৰতিশ্ৰুতি অসাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ
· অর্ণমাই বৰাৰ কন্যাই আজিও নাপালে চাকৰি
· দিছপুৰতে পৰি আছে চাকৰিৰ ফাইল


অপৰাধীয়ে মৃত্যুদণ্ডৰ পৰিবৰ্তে মাত্র তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তিহে লাভ কৰাৰ পিচত সর্বত্র এতিয়া উত্থাপন হৈছে প্ৰশ্ন শিক্ষয়িত্রী অর্ণমাই বৰাৰ পৰিয়ালে ন্যায় পাব কেতিয়া?
আৰক্ষীৰ চৰম গাফিলতিৰ পৰিণতিত অর্ণমাই বৰাৰ ধর্ষণ, হত্যাৰ গোচৰত শাস্তি লাঘৱ হ'ল অপৰাধীৰ। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিচতে এতিয়া পত্নীৰ হত্যাৰ ন্যায় বিচাৰি হাহাকাৰ কৰিছে স্বামী বিমল বৰাকে ধৰি অন্যান্য আত্মীয়-স্বজনে। কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। প্রতিশ্রুতি অনুসৰি আজিও চৰকাৰী চাকৰি নাপালে প্রয়াত অর্ণমাই বৰাৰ জীয়ৰীয়ে। ২০১৭ চনত বিদ্যালয়ৰ পৰা উভতি আহোতেই অর্ণমাই বৰাক ধৰ্ষণ, হত্যা কৰা ঘটনাই সেই সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনকি ৰাজনৈতিক ইছ্যুত পৰিণত হৈছিল অর্ণমাই বৰাৰ হত্যাকাণ্ড। ইয়াৰ মাজতে তেতিয়াৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অর্ণমাই বৰাৰ জীয়ৰীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আনকি অসম বিধানসভাৰ মজিয়াতো অর্ণমাই বৰাৰ জীয়ৰীক চাকৰি এটা প্ৰদানৰ দাবী উত্থাপন হৈছিল। কিন্তু অর্ণমাই বৰাৰ হত্যাকাণ্ডৰ পাঁচবছৰ অতিক্ৰম হ'ল, আইনী মেৰপেঁচত দোষীৰ শাস্তি লাঘৱ হ'ল, পিচে অর্ণমাই বৰাৰ জীয়ৰীহে আজিলৈকে নাপালে চাকৰি। আজিৰ তাৰিখটো দিছপুৰতে পৰি ৰৈছে অর্ণমাই বৰাৰ জীয়ৰী ভাগ্যশ্ৰী বৰাই চাকৰি বিচাৰি আবেদন জনোৱা ফাইল। জানিব পৰামতে, তদানীন্তন শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিৰ পিচতে জীয়ৰী ভাগ্যশ্ৰীয়ে সহকাৰী শিক্ষকৰ পদত নিযুক্তিৰ বাবে নগাঁও জিলাৰ জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এখন আবেদন জনাইছিল। সেই অনুসৰি নগাঁও জিলা প্রাথমিক শিক্ষা বিষয়াই ভাগ্যশ্রীৰ আবেদনখন ২০২২ চনৰ ৩০ মাৰ্চত প্রাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰে। ইয়াৰ পিচত সেই বছৰৰে ৭ মে'ত প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ভাগ্যশ্ৰীৰ আবেদনখন প্রাথমিক শিক্ষা বিভাগৰ সচিবলৈ প্ৰেৰণ কৰে। দুৰ্ভাগ্যজনকভাৱে তেতিয়াৰ পৰাই দিছপুৰতে পৰি ৰৈছে ভাগ্যশ্ৰীৰ চাকৰিৰ আবেদন। ন্যায়ৰ বাবে হাহাকাৰ কৰি থকাৰ মাজতে প্রয়াত অর্ণমাই বৰাৰ জীয়ৰীয়ে চাকৰি বিচাৰি জনোৱা আবেদনো দিছপুৰতে পৰি থকা ঘটনাৰ কি উত্তৰ দিব তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

No comments:

Post a Comment

SPONSORED