ৰিণিকি ৰিণিকি, চৌদিশে ৰজনজনাইছে ৰিণিকিয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

April 16, 2023

ৰিণিকি ৰিণিকি, চৌদিশে ৰজনজনাইছে ৰিণিকিয়ে


ৰিণিকি ৰিণিকি, চৌদিশে ৰজনজনাইছে ৰিণিকিয়ে। বিহুগীতৰ ৰিণিকি ৰিণিকি কথাফাঁকিৰেই গঢ়িলে বিশ্ব অভিলেখ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শুনিলে ভাহি অহা ৰিণিকি ৰিণিকি সুৰ। এই ৰিণিকি ৰিণিকি কথাৰে বিৰচিত গীতফাকিৰে গৌৰৱান্বিত কৰিলে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়। অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰল এই শব্দটি।

অসম চৰকাৰৰ প্ৰচেষ্টাত এগৰাকী দূৰ্বাৰ কৰ্মস্পৃহাৰ অধিকাৰী তথা সুদক্ষ চতুৰ ৰাজনৈতিজ্ঞ হিচাপে পৰিচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ঋণত পোত যোৱা ৰাজকোষৰ শতকোটি ধন ব্যয় কৰি আজুৰি আনিলে এই বিশ্ব অভিলেখ। বিশ্ব অভিলেখৰ আনন্দই উফন্দি উঠিছে প্ৰতিগৰাকী অসমীয়াৰ গা-মন। গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১২ সহস্ৰাধিক শিল্পীৰ ঢোল পেপা গগনাৰ সমাহাৰেৰে বিহুৱতীয়ে ককাল ভাঙি নাচি বাগি গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত যি স্থান দখল কৰিলে সেয়া অবিস্মৰণীয়।

সৰুসজাইৰ পৰা গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছলৈ এই যাত্ৰাত অসমীয়াৰ হৃদয় উগুল থুগুল হৈ থকাৰ মাজতে ৰিণিকি ৰিণিকি হৈ বিষয়টো আহি পালে ফেচবুকৰ মজিয়া। ফেজবুকত অৱশ্যে এই বিশ্ব অভিলেখক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰাৰ সমান্তৰালকৈ একাংশই উদঙাই দিছে ভুল আৰু একাংশই বিচাৰি পাইছে প্ৰেম কাহিনীৰ গোন্ধ। ফেচবুকত মুঠতে চৰ্চিত হৈছে- পত্নীক কিমান ভাল পালে, পত্নীৰ নামটি বিশ্ব অভিলেখত স্থান দিয়াব পাৰি। যত হয়তো পিছ পৰি ৰব শ্বাহজাহান-মমতাজৰো প্ৰেম কাহিনী।

ইপিনে সততে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত এসাঁজ ভাত বেছিকৈ খোৱা এইগৰাকী বিতৰ্কিত ফেছবুক লেখিকা ওৰফে আজান বাইদেউ নিজৰ ফেচবুক পৃষ্ঠাত লিখিছে..... ৰিণিকি ৰিণিকিৰে বুলি বিহু নাচ আৰম্ভ নকৰে। বিহুনাচ ঢুলীয়াৰ ঢোলৰ চেৱেৰে আৰম্ভ কৰে। চেনাইৰ ঢোলৰ মাতত বলিয়া হৈ গচকত যঁতৰ ভাঙি নাচনীসকল প্ৰাকৃতিক উন্মাদনাৰে নাচি নাচি ওলাই আহে৷ এখোজ দুখোজ কৈ ৰিণিকি ৰিণিকি দেখা গাঁও বিচাৰি নাচনী ওলাই নাহে পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱৰ্ল্ড ৰেকৰ্ডতো নিজৰ পত্নীৰ নামটো সুমুৱাই, এটা ভুল পথেৰে বিহুক পৃথিৱীৰ বুকুলৈ লৈ গ’ল।

মুলতঃ ফেচবুকত এতিয়া ফ্লাই অভাৰৰ পৰা চাহ বাগিছালৈ ৰিণিকি, সংবাদ প্ৰতিষ্ঠানৰ পৰা উদ্দোগলৈ ৰিণিকি, পাট মুগা সূতাৰ পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ ৰিণিকি আৰু অভিযোগ অনুসৰি শেহতীয়াকৈ ভুলকৈ হলেও এই ৰিণিকি শব্দটিৰেই বিহু নৃত্য প্ৰদৰ্শন কৰি কঢিয়াই আনিলে বিশ্ব অভিলেখ।

No comments:

Post a Comment

SPONSORED