Baibhab Hazarika - প্ৰ-লীগ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমীয়া যুৱকৰ সফলতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 16, 2023

Baibhab Hazarika - প্ৰ-লীগ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমীয়া যুৱকৰ সফলতা


বাংগালুৰুত অনুষ্ঠিত প্ৰ-লীগ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমীয়া যুৱকৰ সফলতা গুৱাহাটীৰ বামুনীমৈদামৰ যুৱক তথা পিতৃ ৰাজীৱ হাজৰিকা আৰু মাতৃ দীপাঞ্জলী হাজৰিকাৰ জ্যেষ্ঠ সন্তান বৈভৱ হাজৰিকাই দেশক প্ৰতিনিধিত্ব কৰি ১১০ কিলো শাখাত অৰ্জন কৰিলে সোণৰ পদক।

ভাৰতৰ লগতে পৰ্তুগাল, ফ্ৰান্স, ব্ৰিটেইন আৰু থাইলেণ্ডৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ১১ মে ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা খনত। যত স্কোৱা'ট, বেঞ্চপ্ৰেছ, ডেডলিফ্ট শাখাত মুঠ ৬১০ কিলো ভাৰ তুলি সোণৰ পদক তুলি আনিবলৈ সক্ষম হয় অসমৰ যুৱকজনে। বৈভৱৰ ক্ৰীড়া শৈলীক দেশ বিদেশৰ একাধিক ক্ৰীড়াবিদে ভূয়সী প্ৰশংসা কৰে। একদৰে বৈভৱৰ এই সাফল্যত পৰিয়ালৰ লগতে ৰাজ্যাবাসীও এতিয়া উৎফুল্লিত হৈ পৰিছে।

No comments:

Post a Comment

SPONSORED