· বিধায়ক পদ খাৰিজ হব নেকি শ্বেৰমান আলী আহমেদৰ
· বাঘবৰত অনুষ্ঠিত হব নেকি উপ নিৰ্বাচন
· আদালতত হাজিৰ নহল বিধায়ক শ্বেৰমান আলী আহমেদ
বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে গোৱালপাৰা আদালতত ৰুজু হৈছে এক গোচৰ। ৰিপব্লিকান পার্টি অফ ইণ্ডিয়া চমুকৈ আৰ পি আই আথাৱালেৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে ৰুজু কৰা উক্ত গোচৰত অভিযোগ কৰা অনুসৰি ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক শ্বেৰমান আলীয়ে এক 'ভিজন ডকুমেন্ট' প্ৰচাৰ আৰু বিতৰণ কৰিছিল। উক্ত ভিজন ডকুমেণ্টত বিধায়কগৰাকীয়ে নিজৰ কাৰ্যকালৰ কাম-কাজৰ খাতিয়ান উল্লেখ কৰিছিল। কিন্তু বিশেষকৈ জলজলী নৈৰ ওপৰত পকী দলং নিৰ্মাণ আৰু বাঘবৰত মডেল ডিগ্ৰী কলেজ স্থাপন কৰাৰ ক্ষেত্ৰত বিধায়ক শ্বেৰমান আলীৰ কোনো ভূমিকা বা অৰিহণা নথকা সত্ত্বেও এইবোৰ কামৰ বিষয়ে ডিজন ডকুমেন্টত উল্লেখ কৰা বুলি অভিযোগ কৰি গোৱালপাৰা আদালতত এক গোচৰ দাকিল কৰে আৰ পি আথাৱালেৰ নেতা ৰেজাউল কৰিমে। মঙলবাৰে উক্ত গোচৰৰ শুনানিত বিধায়ক শ্বেৰমান আলীক হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও ৰহস্যজনকভাৱে আদালতত হাজিৰ নহল বিধায়কগৰাকীয়ে। ইপিনে এনে ভুৱা প্ৰচাৰ কৰি নিৰ্বাচনত জয়লাভ কৰা বিধায়ক শ্বেৰমান আলীয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অবিযোগ উত্থাপন কৰি শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবীত নিৰ্বাচনী আয়োগৰ ওচৰত অবিযোগ দাখিল কৰে ৰেজাউল কৰিমে।
পিছে আৰ পি আই আথাৱালেৰ নেতা ৰেজাউল কৰিমৰ এই অভিযোগ নিৰ্বাচনী আয়োগে কেনে ধৰণে গ্ৰহণ কৰে আৰু আদালাতত ৰুজু হৈ থকা গোচৰ কোন দিশে গতি কৰে সেয়া সময়লৈ অপেক্ষা মাথো।
No comments:
Post a Comment