NEMSU | নেমছুৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 29, 2023

NEMSU | নেমছুৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন


উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস লালপুল হাইস্কুল খেলপথাৰত ২৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্ক্ৰমণিকাৰে উদযাপন কৰা হয়। নেমছুৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানৰ অন্তিম দিনৰ কাৰ্যসূচীত তথা মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া চমুকৈ আৰ পি আই (আথাৱালে)ৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমে। 

স্থানীয় বিশিষ্ট ব্যক্তি আব্দুল আলীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত অংশগ্ৰহণ কৰি আৰ পি আইৰ নেতা ৰেজাউল কৰিমে নিজৰ ভাষণত সংখ্যালঘু লোকক যাতে আৰু কোনেও ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে আৰু চৰকাৰ সৈতে মিলি থাকি সংখ্যালঘু লোকসকলে নিজৰ মৌলিক অধিকাৰ নিজে আদায় কৰি লোৱাৰ বাবে সংখ্যালঘু লোকসকলক সজাগ হবলৈ আহ্বান জনায়। 

উল্লেখ্য যে উক্ত অনুষ্ঠানতে সংখ্যালঘু লোকসকলৰ উন্নয়ন আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত আৰ পি আই (আথাৱালে)ৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমৰ জৰিয়তে দলটোৰ মূৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালেলৈ চাৰি দফীয়া এক স্মাৰক পত্ৰ প্ৰদান কৰে। 

সহস্ৰাধিক লোক উপস্থিত থকা নেমছুৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ মুকলি সভাত শান্তনু বৰঠাকুৰে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম, ইউএছটিএমৰ সহকাৰী অধ্যাপক আব্দুল ওৱাদুদৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।

No comments:

Post a Comment

SPONSORED