উফ... কি গৰম.... - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 25, 2024

উফ... কি গৰম....

 

জলবায়ু পৰিৱৰ্তনৰ বিষম পৰিণতিৰ ফলত ভয়াৱহ গ্ৰীষ্মৰ কৱলত পৰিছে সমগ্ৰ দেশ। গুৱাহাটী মহানগৰীতো তাপমাত্ৰৰ পৰিমান ৪০ ডিগ্ৰী চেলিছিয়াচ। অত্যাধিক গৰমৰ জনজীৱন বিপৰ্যস্ত হৈ পৰাৰ লগতে বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদও। ফলত বিদ্যুতৰ লোডশ্বেডিঙেও জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। ইপিনে প্ৰচণ্ড গৰম সহিব নোৱাৰি দেশৰ ভিন্ন প্ৰান্তত ১৫ গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি খবৰ বিয়পি পৰিছে। বিগত ১০ দিনৰ পৰা ৰাজস্থান আৰু কেইবাখনো ৰাজ্যৰ তাপমাত্রাই ৫০ ডিগ্রীকো অতিক্ৰম কৰিছে। গৰম সহ্য কৰিব নোৱাৰি ৰাজস্থানত প্ৰাণ হেৰুৱাইছে ১২ গৰাকী লোকে। ইফালে, পশ্চিম বংগৰ এটা ৰে'লৱে ষ্টেচনত প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মৃত্যুক আঁকোৱালি ল'লে এজন শ্ৰমিকে।

আনহাতে, প্ৰচণ্ড গৰমৰ বিপৰীতে নেৰানেপেৰা বৰষুণেও কালৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ বাবে কেৰালাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। কেৰালাত বজ্রপাতত ৭ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। প্ৰকৃতিৰ এনে ৰুদ্ৰৰূপে মানৱ জীৱনৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি।

No comments:

Post a Comment

SPONSORED