গুৱাহাটীৰ পদপথৰ দৰিদ্ৰ লোকসকলৰ মাজত বিনামূলীয়া পেকেট খাদ্য বিতৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2024

গুৱাহাটীৰ পদপথৰ দৰিদ্ৰ লোকসকলৰ মাজত বিনামূলীয়া পেকেট খাদ্য বিতৰণ

 

 গুৱাহাটীৰ পদপথৰ অতি দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া পেকেট খাদ্যৰ বিতৰণৰ শুভাৰম্ভ এম এইছ ই চি ডি ফাউণ্ডেছন ৰ উদ্যোগত আৰু দা ৰিয়েল ফেক্ট ডিজিটেল মেডিয়াৰ সহযোগত  হয়। আজি ৩১ মে শুকুৰবাৰে পবিত্ৰ জুম্মাৰ দিনাখনত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় হাতীগাঁৱৰ খানকাস্থ জামে মছজিদ প্ৰাংগনৰ পৰা। এম এইছ ই চি ডি ফাউণ্ডেছন ৰ উদ্যোগত আৰু দা ৰিয়েল ফেক্ট ডিজিটেল মেডিয়াৰ সহযোগত বিশেষকৈ গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ পদপথত জীৱন নিৰ্বাহ কৰা অতি দৰিদ্ৰ লোকসকলক এমুঠি অন্যৰ যোগান ধৰাৰ বাবে এই পদক্ষেপ হাতত লোৱা বুলি জানিব পৰা গৈছে।


হয়। এম এইছ ই চি ডি ফাউণ্ডেছন ৰ মুখ্য সঞ্চালক আৰু দা ৰিয়েল ফেক্ট ডিজিটেল মেডিয়াৰ মুখ্য সম্পাদক বাহাদুৰ ইছলামে জানিবলৈ দিয়া মতে আজিৰপৰা আৰম্ভ কৰি প্ৰতি সপ্তাহত গুৱাহাটীৰ পদপথৰ অতি দৰিদ্ৰ লোকসকলক এমুঠি ৰেডি ফুড বিতৰণ কৰি থাকিব বুলি জনাইছে। আজি খানকাহ জামে মছজিদৰ সন্মুখত সহায়-ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰা প্ৰায় এশ গৰাকী দৰিদ্ৰ লোকক ৰেডি ফুড বিতৰণ কৰে।

আজিৰ এই খাদ্য বিতৰণ কাৰ্যসূচী সুকলমে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিশেষ ভাৱে সহযোগ কৰে এম এইছ ই চি ডি ফাউণ্ডেছন অন্যতম বিযয়বববীয়া এন এ ৰুবুল মিৰ্জা, আশ্ৰাফুল ইছলাম আৰু দা ৰিয়েল ফেক্টৰ সম্পাদক এডভোকেট শ্বফিকুল ইছলাম।

এম এইছ ই চি ডি ফাউণ্ডেছন ৰ উদ্যোগত আৰু দা ৰিয়েল ফেক্ট ডিজিটেল মেডিয়াৰ সহযোগত আজি বিতৰণ কৰা ৰেডি ফুডত চিকেন বিৰিয়ানি প্ৰদান কৰে।

­­

No comments:

Post a Comment

SPONSORED